NORTHEAST NOW (Assamese)

প্ৰেমত ঘূৰিছে ভূ-মণ্ডলঃ প্ৰেমৰ দিনত চুম্বনৰ উপকাৰিতাৰ বিষয়ে নজনাকৈ থাকিবনে!

February 14, 2024 8:02 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 13, 2024 10:10 pm

আজি ১৪ ফেব্ৰুৱাৰী, ভেলেন্টাইন ডে’ বা প্ৰেমৰ দিন। প্ৰেমিক-প্ৰেমিকাৰ বাবে এটা বহু অপেক্ষিত দিন। প্ৰেমৰ পৰশেৰে প্ৰেমাস্পদ সকল আন্দোলিত হোৱাৰ দিন।

প্ৰেম প্ৰকাশৰ এক অনন্য মাধ্যম চুম্বন। প্ৰেমৰ এই দিনটোত আজি প্ৰেম প্ৰকাশৰ মাধ্যম চুম্বনৰ উপকাৰিতাৰ বিষয়ে জানিলে আপুনি নজনাকৈ থাকিবনে!

প্ৰিয়জনক চুম্বনেৰে আহ্লাদিত হোৱাৰ পূৰ্বে চুম্বনৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানিলে নিশ্চয় আপুনি উপকৃত হ’ব। আপুনি জানি আচৰিত হ’ব, এটা চুম্বনে কেইবাটাও ৰোগ আঁতৰাই ৰাখিব পাৰে।

চুম্বনৰ বহুতো গুণ আছে। আপুনি এই গুণ জানেনে?

চুম্বনৰ সময়ত মুখৰ ৩০ টা পেশী চলাচল কৰে। পেশীৰ চলাচলৰ ফলত মুখত ৰক্ত সঞ্চালন বৃদ্ধি হয়। ই ছালখন উজ্জ্বল কৰি তোলে। সৌন্দৰ্য বহুত বৃদ্ধি পায়।

চুম্বন কৰোঁতে, মন আৰু শৰীৰত উত্তেজনাৰ সৃষ্টি হয়। ই হৃদস্পন্দনৰ হাৰ বৃদ্ধি কৰে। শৰীৰত ৰক্ত সঞ্চালনো বৃদ্ধি হয়। ফলস্বৰূপে, হাৰ্ট এটেকৰ আশংকা হ্ৰাস পায়।

চুম্বনে শৰীৰত চাপ সৃষ্টিকাৰী হৰমন কৰ্টিচোলৰ স্তৰ হ্ৰাস কৰে বুলি জনা যায়। চুম্বনে আপোনাৰ ৰোগ প্ৰতিৰোধ প্ৰণালী উন্নত কৰাত সহায় কৰে আৰু ইয়াৰ ফলত কামৰ পিছৰ অৱসাদ আঁতৰ কৰাত সহায় কৰে।

Related News