NORTHEAST NOW (Assamese)

ফাগুনৰ এই ধূলিয়ৰি দিনকেইটাত ছালৰ যত্ন কেনেকৈ ল’ব?

February 24, 2025 7:03 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 24, 2025 7:46 am

 ফেব্ৰুৱাৰী-মাৰ্চ মাহত বতৰ শুকান অতি শুকান হৈ পৰে। যাৰ ফলত ছালৰ না না সমস্যাই দেখা দিয়ে। গতিকে এইকেইটা দিনত ছালৰ বিশেষ যত্ন লোৱাৰ প্ৰয়োজন হয়। এই সময়ত ছাল ৰুক্ষ, নিষ্প্ৰাণ আৰু সংবেদনশীল হ’ব পাৰে। সেয়ে আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এই দিনকেইটাত ছালৰ যত্ন লোৱাৰ কেইটামান উপায় –

১. শুকান বতৰত ছালৰ আৰ্দ্ৰতা ৰক্ষা কৰিবলৈ দিনত দুবাৰকৈ মইচ্চাৰাইজিং কৰক। গ্লিচেৰিন, হায়ালুৰনিক এচিড বা শিয়াবাটাৰৰ দৰে উপাদান থকা মইচ্চাৰাইজাৰ ব্যৱহাৰ কৰিব পাৰে।

২. যথেষ্ট পৰিমাণে পানী খোৱাটো নিশ্চিত কৰক যাতে ছাল সজীৱ হৈ থাকে।

৩. এইকেইটা দিনত সূৰ্যৰ অতিবেঙুনী ৰশ্মিয়ে ছালৰ ক্ষতি কৰিব পাৰে। গতিকে বাহিৰলৈ ওলাওঁতে চানস্ক্ৰীন লগাব লাগে।

৪. ৰ’দ আৰু ধূলিৰ পৰা ৰক্ষা পাবলৈ স্কাৰ্ফ, মাস্ক আদি ব্যৱহাৰ কৰক।

৫. শুকান ছালৰ পৰা মৃত কোষ আঁতৰাবলৈ সপ্তাহত এদিন বা দুদিন মৃদু এক্সফলিয়েটৰ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ দ্বাৰা ছালৰ উজ্জ্বলতা বৃদ্ধি পায়।

৬. এইকেইটা দিনত গা ধুবলৈ পৰাপক্ষত গৰম পানী ব্যৱহাৰ নকৰিব। গৰম পানীয়ে ছালৰ পৰা প্ৰাকৃতিক তেল আঁতৰাই পেলায়, যাৰ ফলত ছাল শুকান হ’ব পাৰে।

৭. ছালৰ স্বাস্থ্য ৰক্ষাৰ বাবে ওমেগা-৩ ফেটি এচিড যুক্ত খাদ্য যেনে মাছ, বাদাম আদি খাওক।

৮. ওঁঠ শুকান আৰু ফাটি যোৱাৰ পৰা ৰক্ষা পাবলৈ নিয়মিতভাৱে লিপ বাম বা পেট্ৰোলিয়াম জেলি ব্যৱহাৰ কৰক।

৯.   ধূমপান আৰু মদ্যপানে ছালৰ ক্ষতি কৰে আৰু ছালৰ উজ্জ্বলতা হ্ৰাস কৰে। গতিকে মদ্যপান আৰু ধূমপান ত্যাগ কৰক।

Related News