NORTHEAST NOW (Assamese)
অসম

কোন শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে কিমান সময়ৰ অনলাইন ক্লাছ? চৰকাৰে বান্ধি দিছে নিয়ম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 14, 2020 8:23 pm
online123

ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ বাবেই এতিয়া দেশত বন্ধ হৈ আছে সকলো শিক্ষানুষ্ঠান।

এনে সময়ত ছাত্ৰ-ছাত্ৰী সকলৰ মূল্যবান শিক্ষা বৰ্ষ এটা ৰক্ষা কৰাৰ বাবেই কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন দপ্তৰে অনলাইন শিক্ষাৰ কাৰ্যসূচী প্ৰজ্ঞতা গ্ৰহণ কৰিছে।

ইংৰাজীত PRAGYATA ৰ অৰ্থ হৈছে ক্ৰমে Plan, Review, Arrange, Guide, Yak(talk), Assign, Track, আৰু  Appreciate.

চৰকাৰে এই ব্যৱস্থাৰ জৰিয়তে শিক্ষাৰ্থীৰ শাৰীৰিক তথা মানসিক বিকাশৰ বিষয়ত বিশেষ গুৰুত্ব প্ৰদান কৰিছে।

প্ৰজ্ঞতা অনলাইন শিক্ষা ব্যৱস্থাত শিক্ষক-শিক্ষয়িত্ৰীয়ে কোন শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক কিমান সময় পঢ়ুৱাব তাৰ সময় নিৰ্দ্ধাৰণ কৰি দিয়া হৈছে।

সেই মৰ্মে শিক্ষক-শিক্ষয়িত্ৰীয়ে প্ৰাক-প্ৰাথমিক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক সৰ্বাধিক ৩০ মিনিট সময় অনলাইন যোগে পঢ়ুৱাব পাৰিব।প্ৰথমৰ পৰা অষ্টম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক ৩০-৪৫ মিনিটৰ বাবে  দিনত দুটা ছেচনত পঢ়ুৱাব পাৰিব।

নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ ৪টা ছেচনত পাঠদান কৰিব পৰা যাব।

কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰমেশ পখ্ৰিয়াল নিশাংকে এক টুইট যোগে এই ব্যৱস্থাৰ কথা সদৰী কৰিছে।

প্ৰজ্ঞতা অনলাইন শিক্ষাই ছাত্ৰ-ছাত্ৰী সকলৰ উন্নয়নত সহায় কৰিব বুলি ভবা হৈছে।