NORTHEAST NOW (Assamese)
অসম

লোকসভা নিৰ্বাচনৰ বাবে আগতীয়াকৈ হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা

Posted by: এন ই নাও নিউজ November 20, 2018 8:42 am
ahsec question paper leak

লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত এইবাৰ আন কেইবছৰতকৈ সোনকালে অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা। ফেব্ৰুৱাৰি মাহৰ মাজভাগতে এই পৰীক্ষাটো অনুষ্ঠিত হোৱাৰ সম্ভাৱনাৰ কথা আজি ব্যক্ত কৰিলে সংশ্লিষ্ট পক্ষই। সৰ্বভাৰতীয় শিক্ষা পৰিষদৰ সন্মিলনত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

আনহাতে প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত পূৰ্বতকৈ কঠোৰ হ’ব শিক্ষা সংসদ। পৰীক্ষা ব্যৱস্থাৰ সৈতে জড়িত শিক্ষক, বিষয়া, কৰ্মচাৰীসকলক ডিচেম্বৰৰ পৰা শিক্ষা সংসদে বিশেষ প্ৰশিক্ষণ প্ৰদান কৰিব।

কেৱল সেয়ে নহয়, এইবাৰ পৰীক্ষাত কেইবাটাও নিয়ম সলনি হোৱাৰ লগতে নতুন নিয়ম প্ৰৱৰ্তন হ’ব। স্পৰ্শকাতৰ কেন্দ্ৰত জামাৰ আৰু জি পি আৰ এছ ব্যৱস্থা ৰখা হ’ব বুলি জানিব পৰা গৈছে।

শিক্ষা সংসদৰ সূত্ৰই কয় যে যোৱা বছৰৰ পৰীক্ষাত খেলিমেলিৰ সৃষ্টি হোৱা কেইবাটাও কেন্দ্ৰৰ স্বীকৃতি বাতিল কৰাৰ সিদ্ধান্ত লৈছে।