NORTHEAST NOW (Assamese)
অসম

ৰাজনীতিৰ অপৰাধীকৰণ : বিশ্বনাথত দুৰ্ধৰ্ষ অপৰাধীলৈ বিজেপিৰ প্ৰাৰ্থিত্বক লৈ তীব্ৰ বিতৰ্ক

Posted by: কাজি জেইদুল ইছলাম  November 20, 2018 8:11 am
IMG-20181119-WA0034

ৰাজ্যৰ প্ৰধান আঞ্চলিক দল অসম গণ পৰিষদ আৰু বিৰোধী দল কংগ্ৰেছ দলে দুধৰ্ষ গঁড় হত্যাকাণ্ডৰ লগত জড়িত ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদানৰ তথ্যই ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰত ধুমুহা সৃষ্টি কৰাৰ পিছতেই এইবাৰ পোহৰলৈ আহিছে ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰদান কৰা প্ৰাৰ্থীৰ  শেহতীয়া নমুনা৷

ৰাজ্যত দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ শ্ল’গান আওঁৰাই পৰিবৰ্তনৰ সপোন দেখুৱাই ক্ষমতালৈ অহা বিজেপি দলে এইবাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে এজন দুধৰ্ষ অপৰাধীক৷ ৰাজ্যৰ জেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ গৃহ সমষ্টিৰ অন্তর্গত বৰগাং জিলা পৰিষদৰ বিজেপি দলৰ প্ৰাৰ্থী ৰঞ্জন জ্যোতি দাসৰ বিৰূদ্ধে উত্থাপন হৈছে ভয়ংকৰ অভিযোগ৷ বিগত ২০১২ চনৰ ১৫ জানুৱাৰী মাহৰ মাঘৰ বিহু দিনা নিশা বিহালীৰ টেলেঙনীয়া গাওঁৰ দৰিদ্ৰ-অকিঞ্চন লক্ষ্যধৰ দাসৰ বাসগৃহটো এক কন্দলৰ বাবে নিজ হাতেৰে অগ্নি-সংযোগ  কৰি ব্যক্তিজনৰ বাসগৃহৰ লগতে সকলো সা-সম্পতি ভষ্মীভূত কৰা ৰঞ্জন জ্যোতি দাসক দলৰ নেতৃত্ব প্ৰদান কৰিছিল৷

এই সন্দৰ্ভত বিহালী আৰক্ষী থানাত ভাৰতীয় দণ্ড বিধি আইনৰ ১৪৭/ ১৪৮/ ১৪৯/ ৪৪৮/ ৪৩৬/ ৪২৭/ ৩২৩/ ৫০৬ ধাৰাত গোচৰ ৰুজু হোৱা লগতে বৰ্তমানেও মহামান্য বিশ্বনাথ সত্ৰ আদালতত বৰগাং জিলা পৰিষদৰ প্ৰাৰ্থী ৰঞ্জন  জ্যোতি দাসৰ লগতে ৭ গৰাকী ব্যক্তিৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া চলি আছে৷ তেনে এক জঘন্য  অপৰাধীক বিহালীৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিৎ দত্তই নিজ গৃহ সমষ্টিৰ বৰগাং জিলা পৰিষদৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভুক্তভোগী লক্ষ্যধৰ দাসে৷

উল্লেখযোগ্য যে, বিগত ৬ বছৰে বিজেপি দলৰ বৰগাং জিলা পৰিষদৰ প্ৰাৰ্থী গৰাকীৰ কৰ্মকাণ্ডৰ ফলত অঘৰীৰ জীৱন কটাই আহিছে   লক্ষ্যধৰ দাসে৷

ইতিমধ্যে বিজেপি দলৰ প্ৰাৰ্থী ৰঞ্জন জ্যোতি দাসৰ গোচৰ সন্দৰ্ভত বিশ্বনাথ জিলা উপায়ুক্তৰ লগতে নিৰ্বাচনী বিষয়াক লিখিতভাৱে অভিযোগ দাখিল কৰিছে যদিও জিলা প্ৰশাসনে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ তুলিছে  ভুক্তভোগী লক্ষ্যধৰ দাসে৷