NORTHEAST NOW (Assamese)

১৫ মাৰ্চৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা, সময়সূচী ঘোষণা

January 7, 2022 9:16 pm · এন ই নাও নিউজ,গুৱাহাটী

কোভিড পৰিস্থিতিয়ে জটিল ৰূপ ধাৰণ কৰাৰ সময়তে চৰকাৰে আজি ঘোষণা কৰিছে ২০২২ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী।

সেইমৰ্মে অহা ১৫ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাই মাদ্ৰাছা পৰীক্ষা।

মাধ্যমিক শিক্ষা পৰিষদে (ছেবা) শুকুৰবাৰে সম্পূৰ্ণ পৰীক্ষাৰ সময়সূচী প্ৰকাশ কৰে।

অনুসূচী অনুসৰি, দুয়োটা পৰীক্ষা ৩১ মাৰ্চত সমাপ্ত হ’ব।

পৰীক্ষা দুটা শাখাত অনুষ্ঠিত হ’ব– পুৱা আৰু আবেলি।

পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ পৰীক্ষা অনুষ্ঠিত হ’ব।

আনহাতে আবেলিৰ শাখাত আবেলি ১.৩০ বজাত পৰীক্ষা আৰম্ভ হ’ব আৰু আবেলি ৪.৩০ বজাত সমাপ্ত হ’ব।

ব্যৱহাৰিক পৰীক্ষাসমূহ ৪ মাৰ্চ আৰু ৫ মাৰ্চত অনুষ্ঠিত হ’ব।

Related News