NORTHEAST NOW (Assamese)

জুনত প্ৰকাশ পাব মেট্ৰিক, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল

May 7, 2020 5:13 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

অহা ৩০ জুনৰ ভিতৰত প্ৰকাশ পাব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল।

উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ মূল্যায়ন প্ৰক্ৰিয়া সমাপ্ত হৈছে।

আনহাতে, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কেইখনমান কাকতৰ মূল্যাংকন সম্পূৰ্ণ হ’বলৈ বাকী আছে।

ছেবা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে জুনৰ মাজভাগৰ ভিতৰত মূল্যাংকন তথা নিৰীক্ষণৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰাৰ চেষ্টা চলাই আছে।

উচ্চতৰ মাধ্যমিক সংসদৰ সূত্ৰই জানিবলৈ দিয়া মতে ইয়াৰ মূল্যায়ন প্ৰক্ৰিয়াৰ ২০ শতাংশ কামহে বাকী আছে।

লকডাউনৰ বাবে বন্ধ হৈ পৰা মূল্যাংকন প্ৰক্ৰিয়াটো ২২ এপ্ৰিলৰ পৰা পুনৰ আৰম্ভ কৰা হৈছে।

সংসদৰ সূত্ৰই জানিবলৈ দিয়া মতে, মূল্যায়নৰ প্ৰক্ৰিয়াটো অহা ১০ মে’ৰ ভিতৰত সম্পূৰ্ণ হৈ উঠিব।

এতিয়া মাত্ৰ ৮টা জ’নেহে মূল্যাংকন কৰা উত্তৰবহী জমা দিবলৈ বাকী আছে।

সূত্ৰটোৰ মতে সকলো ঠিকে থাকিলে জুনৰ শেহৰ পিনে পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব।

ইপিনে, অসম মাধ্যমিক শিক্ষা পৰিষদ(ছেবা)ৰ লকডাউনৰ বাবে বাধাগ্ৰস্ত হোৱা কেবল মূল্যায়ন প্ৰক্ৰিয়াৰ পাছৰ কিছু কামহে বাকী আছে।

ছেবাৰ সূত্ৰই জানিবলৈ দিয়া মতে, যোৱা ২৭ এপ্ৰিলতে মেট্ৰিকৰ মূল্যাংকন প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে।

লকডাউন প্ৰত্যাহাৰ কৰাৰ পাছতে ফলাফল ঘোষণাৰ তাৰিখ সম্পৰ্কে সিদ্ধান্ত লোৱা হ’ব যদিও জুনত প্ৰকাশ পোৱাৰ আশা কৰিব পাৰি।

উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰায় ৩.৫৮লাখ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছে।

আনহাতে, উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কলা, বাণিজ্য আৰু বিজ্ঞান শাখাৰ প্ৰায় ২.৩৪ লাখ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছে।

দুয়োটা পৰীক্ষাৰে ফলাফল প্ৰকাশ পাবলগীয়া ৱেবছাইটসমূহ হৈছেঃ

results.sebaonline.org, resultsassam.nic.in, examresults.net, exametc.com, indiaresults.com, assamonline.in, results.siksha, knowyourresult.com, assamresult.in.

Related News