NORTHEAST NOW (Assamese)

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড০ বিনিতা পাঠকলৈ চাৰ্ব-মহিলা উৎকৰ্ষ বঁটা

February 12, 2022 1:26 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 12, 2022 1:33 pm

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড০ বিনিতা পাঠকক ভাৰতৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক গৱেষণা পৰিষদে সন্মানীয় চাৰ্ব-মহিলা উৎকৰ্ষ বঁটা, ২০২২ ৰ বাবে নিৰ্বাচিত কৰিছে।

এই বঁটা গৱেষণাৰ উৎকৰ্ষতাৰ সম্ভাৱনা প্ৰদৰ্শন কৰা যুৱ মহিলা বিজ্ঞানীসকলক প্ৰদান কৰা হয়।

অসমৰ শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱে অধ্যাপক গৰাকীৰ এই সফলতাৰ বাবে টুইটাৰ যোগে অভিনন্দন জনায়।

 

ড০ বিনিতা পাঠকক পূৰ্বে ২০২০ চনত বাংগালোৰৰ ভাৰতীয় বিজ্ঞান একাডেমী (IASc)ৰ দ্বাৰা সহযোগী পদৰ বাবে নিৰ্বাচিত কৰা হৈছিল।

ড৹ পাঠকেই এই পদৰ বাবে নিৰ্বাচিত হোৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰথম গৰাকী অধ্যাপক আছিল।

উল্লেখ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ মুৰব্বী আৰু সহযোগী অধ্যাপক ড০ অংকুৰ ভৰালীকো ২০২১ চনৰ ডিচেম্বৰত ভাৰত চৰকাৰৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক গৱেষণা পৰিষদৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক গৱেষণা পৰিষদৰ দ্বাৰা গৱেষণা উৎকৰ্ষতাৰ বাবে শিক্ষকৰ সহযোগী পদ প্ৰদান কৰা হৈছিল।

Related News