NORTHEAST NOW (Assamese)

বৰপেটাৰ এন আৰ চি কেন্দ্ৰত উত্তেজনা; বিষয়াই শুনানি গ্ৰহণ কৰিবলৈ অহা লোকক প্ৰহাৰ কৰাৰ অভিযোগ

May 14, 2019 5:49 pm · পুলেন্দ্ৰ দাস
Updated: May 14, 2019 8:47 pm

বৰপেটা জিলাৰ চেঙা উন্নয়ন খণ্ডৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ কেন্দ্ৰত আজি শুনানি গ্ৰহণৰ সময়ত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ শুনানি দিবলৈ অহা পুৰুষ আৰু মহিলাক এন আৰ চি কাৰ্য্যালয়ৰ সহকাৰী বিষয়াই প্ৰহাৰ কৰাৰ অভিযোগ তুলি চেঙাৰ এন আৰ চি কেন্দ্ৰত এনে পৰিস্থিতিৰ সৃষ্টি হয় ৷

বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰ মতে, ভূক্তভোগী পুৰুষ মহিলা দুগৰাকীয়ে এন আৰ চিৰ চেঙা কেন্দ্ৰৰ সহকাৰী  বিষয়া ভদ্ৰেশ্বৰ তালুকদাৰৰ বিৰুদ্ধে তাৰাবাৰী থানাত এজাহাৰ দাখিল কৰিছে ৷ ভুক্তভোগী পুৰুষ গৰাকী ভালুকাবাৰীৰ আলম হুছেইন আৰু মহিলাগৰাকী উজিয়াৰ চৰৰ জামেলা খাতুন বুলি জানিব পৰা গৈছে ৷ দুয়োগৰাকী ব্যাক্তিয়ে এজাহাৰত বিষয়াগৰাকীয়ে তেওঁলোকক  গালি-গালাজ পাৰি, লথিয়াই, চৰিয়াই নিৰ্যাতন চলাই বুলি উল্লেখ কৰিছে।

এন আৰ চি কেন্দ্ৰত নিয়োজিত বিষয়াগৰাকীৰ দুৰ্ব্যৱহাৰৰ ঘটনাত কেন্দ্ৰটোৰ ভিতৰত আৰু বাহিৰত থকা লোকসকল উত্তেজিত হৈ পৰে। পৰৱৰ্তীসময়ত  ঘটনাস্থলীত চেঙা ৰাজহ চক্ৰ বিষয়া আৰু তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা কৰা বুলি জানিব পৰা গৈছে ।

Related News