NORTHEAST NOW (Assamese)
অসম

সজাগতায়ো ভ্ৰান্ত ধাৰণা গুচাব পৰা নাই!! এইচ্ছ আই ভি পজিটিভ পত্নীক চিকিৎসালয়তে এৰি পলাল স্বামী

Posted by: পান্না ঘোষ Updated by: পান্না ঘোষ May 14, 2019 6:10 pm

প্ৰচুৰ সজাগতাৰ প্ৰয়াস সত্ত্বেও এইডছ সম্পৰ্কীয় ভ্ৰান্ত ধাৰণবোৰে লগ এৰা নাই সমাজক।

মাৰাত্মক ৰোগবিধৰ প্ৰতি থকা ভ্ৰান্ত ধাৰণা আৰু সংক্ৰমণ ভীতিৰ বাবেই এজন লোকে নিজৰ এইচ্চ আই ভি পজিটিভ পত্নীক চিকিৎসালয়তে এৰি অন্তৰ্ধান হোৱাৰ ঘটনা এটা পোহৰলৈ আহিছে।

ঘটনাটো উত্তৰ ত্ৰিপুৰাৰ। স্বামীৰ সৈতে চিকিৎসালয়লৈ যোৱা উত্তৰ ত্ৰিপুৰাৰ কদমতলা তেহছিলৰ মহিলাগৰাকীৰ এইচ্ছ আই ভি পজিটিভ বুলি পৰীক্ষাত ধৰা পৰে।

তাৰ পিছতে স্বামীয়ে কদমতলা চিকিৎসালয়ত অসুখীয়া পত্নীক ভৰ্তি কৰি মনে মনে তাৰ পৰা গুচি যায়। স্বামী আৰু কেতিয়াও ঘূৰি নাহিল দুৰ্ভগীয়া মহিলাগৰাকীৰ কাষলৈ।

তাৰ পিছত তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ কৰা চেষ্টাৰ সময়ত এই কথা ধৰা পৰে যে তেওঁ দুই সন্তানক লৈ ঘৰৰ পৰাও উধাও হৈছে।

তিনি-চাৰি দিন চিকিৎসা আৰু পৰিচৰ্য্যাৰ অভাৱত পৰি থকা মহিলাগৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিবলৈ ধৰাৰ সময়তে এইডছ নিয়ন্ত্ৰণৰ বাবে কাম কৰি থকা বেচৰকাৰী সংস্থা এটাই তেওঁৰ খবৰ লয় আৰু তেওঁক ধৰ্মনগৰ চিকিৎসালয়লৈ স্থানান্তৰ কৰে।

কিন্তু ধৰ্মনগৰ চিকিৎসালয়তো মহিলাগৰাকীৰ খবৰ ল’বলৈও মহিলাগৰাকীৰ এই পৰ্য্যন্ত কোনো আত্মীয় অহা নাই।

প্ৰচুৰ সজাগতা কাৰ্য্যসূচীয়েও এইডছ সম্পৰ্কীয় বহুতো ভ্ৰান্ত ধাৰণাক মানুহৰ মনৰ পৰা আঁতৰাব পৰা নাই যে ঘটনাটো তাৰে এটা প্ৰমাণ।

উল্লেখযোগ্য যে একেলগে থকা, একেলগে খোৱা-বোৱা কৰা, একেটা টইলেট/বাথৰূম ব্যৱহাৰ কৰা, সাৱটা, চুমা খোৱা, একেটা মহে কামুৰিলে, হাঁচি, কাহ আৰু ঘামৰ দ্বাৰা এই বীজাণু নিবিয়পে বুলি চৰকাৰে দীৰ্ঘদিনৰ পৰা অৱগত কৰি আহিছে।