NORTHEAST NOW (Assamese)

বাক্সা জিলাৰ তামুলপুৰৰ কুমাৰীকাটাত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ: বাইকসহ এজনক আটক আৰক্ষীৰ

May 31, 2021 4:13 pm · দীপক কুমাৰ পাঠক

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ বিৰুদ্ধে তীব্ৰ অভিযান চলি থকাৰ সময়তে বাক্সা জিলাৰ তামুলপুৰৰ কুমাৰীকটাত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ গাঞ্জা।

কুমাৰীকাটা আৰক্ষীয়ে চলোৱা এক অভিযানত জব্দ বেগ ভৰ্তি এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি।

তামুলপুৰ মহকুমা আৰক্ষী বিষয়া অসীমা কলিতা আৰু দণ্ডাধীশ ৰূপকমল ৰাভাই প্ৰকাশ কৰা অনুসৰি জব্দ কৰা গাঞ্জাৰ পৰিমাণ হৈছে ৮.৯৭ কিলোগ্ৰাম।

আজি প্ৰতিকূল বতৰকো নেওচি কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নীলভজ্যোতি নাথে গোপন সূত্ৰৰ পম খেদি চলোৱা এক অভিযানত কুমাৰীকাটা বজাৰত অভিযান চলাই এই গাঞ্জাখিনিসহ এখন মটৰ চাইকেলৰ সৈতে এজন যুৱকক আটকো কৰিছে।

ওদালগুৰি জিলাৰ ৰৌতাৰ পৰা কুমাৰীকাটা বজাৰলৈ এখন নম্বৰ প্লেটবিহীন মটৰ চাইকেলেৰে আহি থকা অৱস্থাত কুমাৰীকাটাত গাঞ্জাসহ আৰক্ষীয়ে আটক কৰে এমব্ৰুছ নাৰ্জাৰী নামৰ ২৪ বছৰীয়া যুৱকজনক।

যুৱকজনক আটক কৰি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। জব্দকৃত গাঞ্জাখিনিৰ মূল্য প্ৰায় ৩০ হাজাৰ টকা হ’ব অনুমান কৰা হৈছে।

Related News