NORTHEAST NOW (Assamese)
অসম

বোকাখাতত পিক আপ ভানৰে সৈতে বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া December 25, 2019 6:17 pm

বোকাখাত আৰক্ষীয়ে আজি এক অভিযান চলাই বোকাখাতৰ মণ্ডল গাঁৱৰ এটা ঘৰৰ পৰা চোৰাং কাঠৰ সৈতে দুখন পিক আপ ভান জব্দ কৰে।

এক গোপন সূত্ৰৰ ভিত্তিত বোকাখাতৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিব্যজ্যোতি দত্তৰ নেতৃত্ব যোৱা এক অভিযানকাৰী দলে মণ্ডল গাঁৱৰ ৰিংকু দত্তৰ বাসগৃহৰ পৰা বৃহৎ পৰিমাণৰ চোৰাং ফলা কাঠ জব্দ কৰে। চোৰাং কাঠৰ লগতে কাঠ বোজাই থকা এ এছ ০৩ বি চি ৫৮৮৮ আৰু এ এছ ০৩ বি চি ৮৭৩৭ নম্বৰৰ দুখন পিক আপ ভানো জব্দ কৰে।

বৃহৎ পৰিমাণৰ এই কাঠসমূহ নিশাৰ ভাগত কাৰ্বি আংলং জিলাৰ বনাঞ্চলৰ পৰা ৰিংকু দত্তৰ বাসগৃহলৈ অনা হৈছিল বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ। ৰিংকু দত্তৰ ঘৰত গাড়ীদুখনৰ পৰা কাঠ নমাওঁতেই আৰক্ষী বিষয়া দিব্যজ্যোতি দত্তই হাতে-লোটে জব্দ কৰে বৃহৎ পৰিমাণৰ চোৰাং কাঠখিনি।

গাড়ীত মজুত থকা কাঠৰ উপৰিও অভিযানকাৰী দলে ৰিংকু দত্তৰ বাসগৃহৰ চৌহদৰ পৰা পূৰ্বৰে পৰা মজুত কৰি থোৱা বৃহৎ পৰিমাণৰ অবৈধ কাঠো জব্দ কৰে।

পাছত গাড়ীৰে সৈতে জব্দ কৰা অবৈধ কাঠ পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ বোকাখাত ৰেঞ্জৰ বনাঞ্চলিক বিষয়াৰ হাতত অৰ্পণ কৰে। বনাঞ্চলিক বিষয়াই জব্দ কৰা কাঠ আৰু গাড়ী দুখনৰ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ আনি ঘটনাৰ সম্পৰ্কত তদন্ত আৰম্ভ কৰিছে।

উল্লেখযোগ্য যে কাৰ্বি আংলং জিলাৰ বিভিন্ন বনাঞ্চলত চলি থকা অবৈধ বন ধ্বংসৰ বাবে নিয়মিত ভাৱে বহু চোৰাং কাঠ বোকাখাতলৈ আহে।