NORTHEAST NOW (Assamese)

গছক সাবতি থকা বাঘৰ আলোকচিত্ৰলৈ ২০২০ বৰ্ষৰ ‘ৱাইল্ডলাইফ ফটোগ্ৰাফাৰ অফ দ্যা ইয়েৰ’ৰ সন্মান

October 14, 2020 1:09 pm · এন ই নাও নিউজ
উৎস-ইণ্টাৰনেট

চেৰজি গোৰস্কভ নামৰ ফটোগ্ৰাফাৰ গৰাকীয়ে ৰাছিয়াৰ গভীৰ অৰণ্যৰ মাজত গছক সাবতি থকা বাঘৰ ফটোগ্ৰাফৰ বাবে চলিত বৰ্ষৰ শ্ৰেষ্ঠ ৱাইল্ডলাইফ ফটোগ্ৰাফাৰৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।

গোৰস্কভৰ ফটোখনে ২০২০ বৰ্ষৰ ‘ৱাইল্ডলাইফ ফটোগ্ৰাফাৰ অফ দ্যা ইয়েৰ’ৰ সন্মান আজুৰি আনিবলৈ সক্ষম হয়।

ফটোখনত এটা মাইকী বাঘে ৰাছিয়াৰ ব্যঘ্ৰ ৰাষ্ট্ৰীয় উদ্যানৰ মাজত এডাল গছক সাবতি ধৰি থকা দেখা গৈছে।

‘‘ফটোখনত ছাঁ আৰু পোহৰৰ সংমিশ্ৰণ তেল ৰঙৰ ছবিৰ দৰে দেখা গৈছে। বাঘৰ নেজডাল গছৰ শিপাৰ সৈতে একে যেন দেখা গৈছে,’’ বিচাৰক ৰ’জ কিডমেন কক্সে কয়।

ফটোগ্ৰাফাৰ গৰাকীয়ে অৰণ্যৰ মাজত লুকাই ৰখা কেমেৰাত বাঘজনীৰ এই মনোৰম আলোকচিত্ৰখন বন্দী হয়।

পূৱ ৰাছিয়াত বাঘ হত্যা এক প্ৰধান সমস্যাত পৰিণত হৈছে। ক্ৰমাগতভাৱে বাঘ চিকাৰ কৰি অহাৰ ফলত পূৱ ৰাছিয়াৰ অৰণ্যত এতিয়া এশটা মান বাঘহে বৰ্তি আছে।

Related News