NORTHEAST NOW (Assamese)

চৰাইদেউৰ বিভিন্ন শিক্ষানুষ্ঠানত ড্ৰাগছৰ বিৰুদ্ধে সৰৱ মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া

November 30, 2025 12:35 pm · এন ই নাও নিউজ, গুৱাহাটী

“ড্ৰাগছ সেৱনে আমাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যক সম্পূৰ্ণৰূপে ধংস কৰে। এজন ড্ৰাগছ ব্যৱহাৰকাৰীয়ে কি ভাল, কি বেয়া, কোনটো শুদ্ধ, কোনটো ভুল বিবেচনা কৰিব নোৱাৰে। এই মাৰাত্মক ড্ৰাগছ নিবাৰণৰ বাবে চৰকাৰৰ লগতে সমাজৰ প্ৰতিটো বৰ্গৰ লোক বিশেষকৈ অভিভাৱক আৰু শিক্ষক সকলৰ দায়িত্ব অধিক।” এই মন্তব্য  ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ।

বৰ্তমান সময়ত দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমৰ কেইবাখনো জিলাত ড্ৰাগছৰ প্ৰচলন অব্যাহত আছে। বিগত সময়চোৱাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বতাধীন ৰাজ্য চৰকাৰে ড্ৰাগছৰ বিৰুদ্ধে শূণ্য সহনশীল স্থিতি গ্ৰহণ কৰি ব্যাপক অভিযান আৰম্ভ কৰিছিল। যাৰ ফলত একাংশ জিলাত ড্ৰাগছ সেৱনকাৰীৰ সংখ্যা পূৰ্বৰ তুলনাত হ্ৰাস হৈছে যদিও সচেতন মহলৰ দাবী যে এতিয়াও ড্ৰাগছৰ পয়োভৰ অব্যাহত আছে।

ছাত্ৰ-ছাত্ৰী আৰু যুৱসমাজক ড্ৰাগছকে ধৰি বিভিন্ন নিচা জাতীয় দ্ৰব্যৰ পৰা বিৰত থাকি নিজৰ বৃত্তি আৰু সামাজিক দায়বদ্ধতাৰে নিজৰ লগতে ৰাজ্যখনক কেনেকৈ আগুৱাই নিব এই সন্দৰ্ভত ডঃ শইকীয়াই প্ৰেৰণাত্মক বক্তৃতা আগবঢ়ায়।

অসমৰ বিভিন্ন জিলাৰ লগতে বিগত ২৬, ২৭ আৰু ২৮ নৱেম্বৰত চৰাইদেউ জিলাৰ মৰাণ মহিলা মহাবিদ্যালয়, মৰাণ মহাবিদ্যালয়, সোনাৰী কণিষ্ঠ মহাবিদ্যালয়, বৰহাট বি পি বৰুৱা কণিষ্ঠ মহাবিদ্যালয়, সাপেখতি উচ্চতৰ মাধ্যমিক বিদ্যালয়, দ’ল বাগান উচ্চতৰ মাধ্যমিক বিদ্যালয় আদিকে ধৰি বহু কেইখন শিক্ষানুষ্ঠানত ব্যক্তিগত জীৱনৰ লগতে সামাজিক দায়বদ্ধতাৰে ড্ৰাগছৰ বিৰূদ্ধে কেনেকৈ যুঁজ দিব পাৰি সেই বিষয়ত আলোকপাত কৰে।

সেইদৰে,  ছাত্ৰ সমাজে কেনেদৰে নিজৰ বৃত্তি বা জীৱিকাৰ পথ নিৰূপণ কৰি দেশ আৰু সমাজৰ হকে কাম কৰিব এই সন্দৰ্ভত শইকীয়াই  প্ৰতিটো শিক্ষানুষ্ঠানৰ অধ্যক্ষ আৰু শিক্ষক তথা একাংশ অভিভাৱকক সন্মুখত লৈ ছাত্ৰ ছাত্ৰী সকলক উদ্দেশ্যি অতি সাৱলীল ভাষণেৰে ছাত্ৰ তথা যুৱ সমাজক মুগ্ধ কৰে।

প্ৰতিটো অনুষ্ঠানৰ অন্তত ডঃ শইকীয়াৰ প্ৰেৰণাত্মক বক্তৃতাই দীৰ্ঘকালীন ভাৱে ধনাত্মক প্ৰভাৱ পেলাব বুলি প্ৰতিজন শিক্ষক তথা ছাত্ৰ-ছাত্ৰীয়ে শলাগ লয়।

Related News