NORTHEAST NOW (Assamese)

এইবাৰ ইজৰাইলৰ পাৰমাণৱিক ঘাটিত প্ৰত্যাঘাত ইৰাণৰ! শতাধিক আহত; তেজস্ক্রিয় বিকিৰণ ঘটিল?

March 22, 2026 12:35 pm · এন ই নাও নিউজ, গুৱাহাটী

ইজৰাইলৰ পাৰমাণৱিক গৱেষণা কেন্দ্ৰক লক্ষ্য কৰি ইৰানে প্ৰত্যাক্ৰমণ চলায়। ডিমোনা আৰু আৰাদত থকা পাৰমাণৱিক কেন্দ্ৰ দুটাৰ সমীপত পৰে ইৰাণৰ ক্ষেপণাস্ত্ৰ। এই ঘটনাত শতাধিক লোক আহত হয়। ইয়াৰ পিছত তেজস্ক্রিয় বিকিৰণ নির্গত হোৱাৰ আশংকা সৃষ্টি হৈছে।

সংবাদ সংস্থাৰ বাতৰি মতে, শনিবাৰে নিশা ইৰাণৰ এটা ক্ষেপণাস্ত্ৰ প্ৰথমে ডিমোনাৰ শ্বিমন পেৰেছ নেগেভ পাৰমাণৱিক কেন্দ্ৰৰ ওচৰত পৰে। কিছু সময়ৰ পাছতে তেহৰানে আৰাদত থকা আন এটা পাৰমাণৱিক কেন্দ্ৰত পুনৰ আক্ৰমণ চলায়।

অৱশ্যে এই ক্ষেপণাস্ত্ৰই প্ৰত্যক্ষভাৱে পাৰমাণৱিক কেন্দ্ৰটোত আঘাত কৰিব পৰা নাছিল বুলি জনা যায়। এই ক্ষেপণাস্ত্ৰই পাৰমাণৱিক কেন্দ্ৰটোৰ সমীপৰ কেইবাটাও ওখ অট্টালিকাত আঘাত কৰে। ফলত ঘৰবোৰ প্ৰায় ধ্বংসাৱশেষলৈ পৰিণত হয়। কিন্তু এই আক্ৰমণৰ ফলত কোনো ধৰণৰ তেজস্ক্রিয় দূষণৰ খবৰ পোৱা নাই৷

ইজৰাইলৰ ৰাষ্ট্ৰীয় জৰুৰীকালীন কৰ্মীসকলে এই আক্ৰমণৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয়। এই আক্ৰমণত এশৰো অধিক লোক আহত হৈছে। ইতিমধ্যে এই ঘটনাৰ এটা ভিডিঅ’ ভাইৰেল হৈছে (যদিও ভিডিঅ’টোৰ সত্যতা  পৰীক্ষা কৰা হোৱা নাই)।

খবৰ অনুসৰি ইজৰাইলৰ প্ৰতিৰক্ষা ব্যৱস্থাই ইৰাণৰ দুটা ক্ষেপণাস্ত্ৰ ধ্বংস কৰাত ব্যৰ্থ হয়। ক্ষেপণাস্ত্ৰ দুটা ‘আইৰন ড’ম’ ভেদ কৰি আঘাত হানে। কিন্তু এই আক্ৰমণৰ প্ৰতি ইজৰাইল চৰকাৰৰ কোনো প্ৰতিক্ৰিয়া দেখা যোৱা নাই।

উল্লেখ্য যে শনিবাৰে ইজৰাইলে ইৰাণৰ নাটাঞ্জ পাৰমাণৱিক ঘাটিত আক্ৰমণ চলাইছিল। তেহৰাণৰ পৰা ২২০ কিলোমিটাৰ দক্ষিণ-পূবত অৱস্থিত এই ঘাটিটোত ইয়াৰ পূৰ্বেও কেইবাবাৰো আক্ৰমণ কৰা হৈছে। অৱশ্যে ৰাষ্ট্ৰসংঘৰ পাৰমাণৱিক নিৰীক্ষণ সংস্থাই নিশ্চিত কৰিছে যে শনিবাৰৰ আক্ৰমণত কোনো তেজস্ক্ৰীয় বিকিৰণ ঘটা নাই। এইবাৰ ইৰাণে সেই আক্ৰমণৰ প্ৰতিশোধ লয়।

Related News