NORTHEAST NOW (Assamese)
অসম

নাজিৰা-গেলেকী পথ নিৰ্মাণৰ দাবীত শ শ মহিলাৰ প্ৰতিবাদ; অনিৰ্দিষ্টকালৰ বাবে অ’ এন জি চিৰ যান-বাহন চলাচল বন্ধ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ October 10, 2019 6:55 pm

বিধ্বস্ত নাজিৰা-গেলেকী পথ নিৰ্মাণৰ দাবীত আজি পুৱাই ৰাজপথলৈ শ শ মহিলা ওলাই আহি পথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

লগতে প্ৰতিবাদকাৰীসকলে অনিৰ্দিষ্টকালীনৰ বাবে উক্ত পথেদি অ’ এন জি চিৰ যান-বাহন চলাচল বন্ধ কৰে।

আনহাতে একাংশ পুৰুষ-মহিলাই হাতে হাতে খেৱালি জাল, টঙী জাল, জাকৈ লৈ পুখুৰী সদৃশ গাঁ‌তৰ পানীত মাছ ধৰি আৰু পানী সিঁচি এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰি শুই থকা গড়াকাপ্তানী বিভাগ আৰু চৰকাৰক দৃষ্টিগোচৰ কৰৰোৱালে।

বছৰ বছৰ ধৰি প্ৰায় ১৬ কি. মি. দৈৰ্ঘৰ শোচনীয় পথটো মেৰামতি কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে মহাৰত্ন কোম্পানী অ’ এন জি চিক ৰাইজে দাবী জনাই আহিছিল।

কিন্তু বাৰম্বাৰ অ’ এন জি চিক পথটো নিৰ্মাণ কৰিবলৈ দাবী জনাই অহাৰ পিছতো আজি পৰ্যন্ত কোনো গুৰুত্বই নিদিলে অ’ এন জি চিয়ে।

যাৰ কাৰণে বৃহত্তৰ গেলেকীৰ শ শ মহিলাই আজি পুৱা পাঁচ বজাৰ পৰা নাজিৰা গেলেকী পথ বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হয়।

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি নাজিৰা-গেলেকী সংযোগী পথটো বিধ্বস্ত হৈ আছিল। পথত সৃষ্টি হোৱা দ’ দ’ পুখুৰী সদৃশ গাঁতৰ বাবে সংঘটিত হৈছিল বহু কেইটা দুৰ্ঘটনা।

আনহাতে উক্ত পথটোৱেদি সঘনাই চলা অ’ এন জি চিৰ লঘু আৰু গধুৰ যান-বাহন সমূহে পথটো বিধ্বস্ত কৰি আহিছে।

অ’ এন জি চিয়ে গেলেকী তৈলখাদৰ পৰা খনন আৰু উৎপাদনৰ জৰিয়তে কোটি কোটি টকা মুনাফা আদায় কৰি আহিছে যদিও বিধ্বস্ত পথটো নিৰ্মাণৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।