NORTHEAST NOW (Assamese)

চলন্ত ৰেলেই কাল! চকুৰ পলকতে মেলানি মাগিলে স্বামী-স্ত্ৰী আৰু কন্যাই; গুৰুতৰভাৱে আহত এটি কন্যা শিশু

September 20, 2020 8:21 pm · কল্পজ্যোতি শইকীয়া

বকোৰ নধিয়াপাৰাত সংঘটিত হৈছে এটা ভয়ংকৰ দুৰ্ঘটনা।

ৰেইল লাইন পাৰ হ’বলৈ লওঁতেই তীব্ৰবেগী ৰে’লগাড়ীয়ে মহতিয়াই নিছে এখন ৱেগানাৰ বাহন। ৱেগানাৰখনৰ নম্বৰ AS01-DS 8398। বঙাইগাওঁ অভিমুখী আছিল যাত্ৰীবাহী ৰেলখন।

দেওবাৰে বিয়লি প্ৰায় ৫ বজাত সংঘটিত হৈছে এই কৰুণ ঘটনা।

এই দুৰ্ঘটনাত থিতাতে নিহত হৈছে তিনিজন লোক, আহত এটি শিশু।

নিহতসকলৰ দুগৰাকী মহিলা যাত্ৰী আৰু এগৰাকী পুৰুষ আছিল। লগতে আহত হৈছে এগৰাকী শিশু। চাৰিওগৰাকী একেটা পৰিয়ালৰে সদস্য আছিল।

স্থানীয় লোকে জনোৱা অনুসৰি ৰে’লৰ সুৰংগ পথত বৰ্তমানেও একঁকাল পানী থকাৰ বাবে ৰে’ল পথৰ ওপৰে পাৰ হ’ব ওলাইছিল মাৰুতি ৱেগানাৰখন।

দুৰ্ঘটনাত নিহত হৈছে ছয়গাঁও হাতীশোলাৰ ডঃ আব্দুল জলিল। নিহত জলিলৰ পত্নী ছানিয়া বেগম আৰু কিশোৰী কন্যা আফ্ৰিন আখতাৰ। আনগৰাকী কন্যা জান্নত আখতাৰ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত।

জানিব পৰা মতে ডঃ আব্দুল জলিল গৰৈমাৰীৰ এফ এম কলেজৰ অধ্যাপক। গৃহাভিমুখে যোৱাৰ পথত সংঘটিত হয় এই দূৰ্ঘটনা।

এই ভয়ংকৰ ঘটনাৰ পাছতেই বকোৰ নধিয়াপাৰাত শোকাকুল পৰিবেশৰ সৃষ্টি হোৱাৰ লগতে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে।

Related News