NORTHEAST NOW (Assamese)
অসম

তিনি তালাক মানি নোলোৱাৰ বাবে মহিলাক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 4, 2019 10:19 am
নাৰী-নিৰ্যাতন

তিনি তালাক আইন সংসদ গৃহীত হোৱাৰ পাছত আইনখনক লৈ প্ৰতিক্ৰিয়া এতিয়াও অব্যাহত আছে।

এই ‘তিন তালাক’ মানি নোলোৱাৰ বাবে অসমতে এগৰাকী মহিলাক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে।

হোজাই জিলাৰ মোৰাঝাৰত পৰিয়ালৰ সৈতে মিলি গিৰিয়েকে পত্নীক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছে।

ঘটনা অনুসৰি, মোৰাঝাৰ থানাৰ অন্তৰ্গত কৰৈয়নী গাঁৱৰ ৰুবিয়া চুলতানাৰ আঠ বছৰ পূৰ্বে গাঁৱখনৰে ইছলামুদ্দিন নামৰ লোকজনৰ সৈতে বিয়া হৈছিল।

তেওঁলোকৰ ফালৰ পৰা দুটা সন্তানো আছিল।

পাঁচ বছৰ পূৰ্বে ইছলামুদ্দিনে দ্বিতীয় বিবাহ কৰোৱাৰ পাছতে অশান্তিৰ সূত্ৰপাত হয়।

ইপিনে, দ্বিতীয় বিবাহৰ পাছতো ক্ষান্ত নাথাকি ইছলামুদ্দিনে তৃতীয় বিবাহৰ বাবে মন মেলে আৰু প্ৰথমা পত্নীক তালাকৰ বাবে হেঁচা দিয়ে।

ৰুবিয়াই তালাকত সন্মতি নিদিয়াৰ বাবে শুকুৰবাৰে নিশা স্বামী ইছলামুদ্দিন, পিতৃ আৰ্জড আলী আৰু খুড়াকৰ পুতেক ৰহুমুদ্দিনে ৰুবিয়াৰ সৈতে অসৎ কাৰ্যত লিপ্ত হ’ব বিচাৰে।

ৰুবিয়াই অমান্তি হোৱাত তেওঁৰ গুপ্তাংগত আঘাত হানে আৰু মাৰপিট কৰাৰ লগতে বিহ পান কৰোৱাই হত্যাৰ চেষ্টা চলায়।

শনিবাৰে পুৱাৰ ভাগত ৰুবিয়াই গিৰিয়েকৰ ঘৰৰ পৰা পলাই আহিবলৈ সক্ষম হয়।

ঘৰলৈ আহি ৰুবিয়াই পৰিয়ালৰ আগত সকলো বিবৰি কয়।

পৰিয়ালৰ লোকে ৰুবিয়াক চিকিৎসাৰ বাবে চিকিৎসালয়লৈ নিয়াৰ পথত স্বামী ইছলামুদ্দিন আৰু তেওঁৰ পৰিয়ালৰ লোকে পথৰ মাজতে দা-লাঠী লৈ বাধা প্ৰদান কৰে।

ইয়াৰ পাছতে মোৰাঝাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীক উদ্ধাৰ কৰে আৰু চিকিসালয়লৈ প্ৰেৰণ কৰে।