NORTHEAST NOW (Assamese)
অসম

নুমলীগড়ত মাতৃ-দিব্যাংগ পুত্ৰৰ বিহ পান কৰি আত্মহত্যা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 4, 2019 10:58 am
suicide-750x375

গোলাঘাট জিলাৰ নমুলীগড়ত আজি সংঘটিত এক মৰ্মান্তিক ঘটনাই অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে।

নুমলীগড়ত বৰপাকত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা। অঞ্চলটোৰ এগৰাকী মহিলাই নিজৰ দিব্যাংগ পুত্ৰৰ সৈতে বিহপান কৰি আত্মহত্যা কৰে।

আত্মহত্যা কৰা মহিলা গাৰীক গংগা ছেত্ৰী আৰু মহিলা গৰাকীৰ দিব্যাংগ পুত্ৰক ভূৰে ছেত্ৰী বুলি চিনাক্ত কৰা হৈছে।

ঘটনাৰ বিৱৰণি মতে বিহ পান কৰাৰ পিছতে পুত্ৰ ভূৰে ছেত্ৰীৰ নিজ ঘৰতে মৃত্যু হোৱাৰ লগতে মাতৃ গংগা ছেত্ৰীৰ বোকাখাত হস্পিতালত মৃত্যু হয়।

স্থানয়ী ৰাইজে পুত্ৰ বিশেষভাৱে সক্ষম হোৱাৰ বাবেই মাতৃ গংগা ছেত্ৰীয়ে এইদৰে আত্মহত্যাৰ পথ বাচি লোৱা বুলি সন্দে প্ৰকাশ কৰিছে।