NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

পেঞ্চনৰ লোভ! পত্নীৰ মৃতদেহ পাঁচ বছৰ ধৰি ফ্ৰীজত লুকুৱাই ৰাখিলে পতিয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 14, 2023 3:16 pm
Husband Put Wife's Body In Freezer

পেঞ্চন সংগ্ৰহৰ লোভত পত্নীৰ মৃত্যুৰ পিছতো মৃত্যুৰ খবৰ লুকুৱাই ৰাখিবলৈ মৃতদেহ ফ্ৰীজতে লুকুৱাই ৰাখিছিল এগৰাকী ব্যক্তিয়ে। এই কথা পোহৰলৈ অহাৰ পিছতে জালিয়াতি আৰু ভুৱা তথ্যৰ অপৰাধত আদালতে ৩.৫ বছৰৰ কাৰাদণ্ড বিহে ব্যক্তিগৰাকীক।

এই চাঞ্চল্যকৰ ঘটনা ছুইডেনৰ। দোষী সাব্যস্ত হোৱা ব্যক্তিগৰাকীয়ে পত্নীৰ পেঞ্চন সংগ্ৰহৰ স্বাৰ্থত প্ৰায় পাঁচ বছৰ ধৰি ফ্ৰীজত সংৰক্ষণ কৰি ৰাখিছিল পত্নীৰ মৃতদেহ।প্ৰকাশিত খবৰ অনুসৰি মহিলাগৰাকীৰ মৃত্যু হৈছিল ২০১৮ চনতে।

কৰ্কট ৰোগত আক্ৰান্ত হৈ মহিলাগৰাকীৰ মৃত্যু হোৱাৰ পিছতো তেওঁৰ ব্যক্তিজনে তেওঁৰ পত্নী জীৱিত বুলিয়ে বন্ধু-বান্ধৱ তথা আত্মীয় স্বজনক জানিবলৈ দিছিল। মহিলাগৰাকীৰ সৈতে যোগাযোগ হেৰুৱাই নিৰুদ্দেশ হোৱাৰ খবৰ দিছিল মহিলাগৰাকীৰ পৰিয়ালে।

কিন্তু ব্যক্তিগৰাকীয়ে তেওঁলোকক এয়া মিছা বুলি কৈ পৰিয়ালৰ লগত মহিলাগৰাকীয়ে আৰু কথা পাতিব নিবিচাৰে বুলি দাবী কৰিছিল। কিন্তু বিগত মাৰ্চ মাহত আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি উদ্ধাৰ কৰিছিল ফ্ৰীজত ভৰাই থোৱা মহিলাগৰাকীৰ মৃতদেহ।

তেতিয়াই ফাদিল হৈছিল এই সমগ্ৰ ঘটনা। আৰক্ষীৰ জেৰাত তেওঁ স্বীকাৰ কৰিছিল সকলো কথা। তেওঁ আৰক্ষীৰ আগত দিয়া ভাষ্য অনুসৰি, নিজ গৃহত পত্নীক মৃত অৱস্থাত পোৱাৰ পিছতে তেওঁ মৃতদেহটো ফ্ৰীজত ভৰাই থৈছিল।

ইয়াৰ মাজতে মানুহজনে মহিলাগৰাকীৰ পেঞ্চন আৰু কৰ ৰেহাইৰ দাবী কৰি থাকিল। পত্নীৰ এই প্ৰাপ্য ধনৰাশি আছিল মুঠ ১২ লাখ নৰৱেৰ ক্ৰ’নাৰ (১১৬,০০০ ডলাৰ)তকৈও অধিক।

আশ্চৰ্যকৰভাৱে, মৃতদেহ ভৰোৱা ফ্ৰীজটো খাদ্য জমা কৰিবলৈ ব্যৱহাৰ কৰিছিল ব্যক্তিজনে। এনে অৱস্থাত প্ৰতিবাৰেই মানুহজনে ফ্ৰীজটো খুলি বন্ধ কৰাৰ সময়ত মৃত ব্যক্তিজনৰ কবৰৰ পবিত্ৰতা উলংঘা কৰা হৈছিল বুলি আদালতত যুক্তি দিয়ে বিপক্ষৰ অধিবক্তাই।