NORTHEAST NOW (Assamese)
অসম

বিজ্ঞানৰ ওপৰত হেৰুৱাইছে আস্থা! গুজৰাটৰ চৰকাৰী চিকিৎসালয়ত কোভিড দূৰ কৰিবলৈ যজ্ঞানুষ্ঠান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 14, 2021 4:33 pm
Ey6dbX7UUAELqJx-750x375

ক’ৰ’নাৰ মহা সংহাৰত এতিয়া দিশহাৰা হৈ পৰিছে টৰকাৰৰ লগতে দেশৰ সাদাৰণ জনতা।

এনে সময়তে বিজ্ঞানৰ ওপৰতে আস্থা হেৰুৱাই পেলাইছে বহুতে।

সেই বাবেই গুজৰাটৰ এখন চিকিৎসালয়ৰ চিকিৎসক আৰু আন স্বাস্থ্য কৰ্মীসকলে কোভিডক ৰুধিবলৈ যজ্ঞানুষ্ঠানৰ দৰে অনুষ্ঠানৰ আশ্ৰয় গ্ৰহণ কৰা দেখিবলৈ পোৱা গ’ল।

গুজৰাটৰ চুৰাটত থকা নিউ চিভিল পাস্পতালত কোভিড দূৰ কৰিবলৈ চিকিৎসক আৰু চিকিৎসাকৰ্মীয়ে যজ্ঞ কৰাৰ কথাই এতিয়া দেশ জুৰি চাঞ্চল্যৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি চৰকাৰী চিকিৎসালয় খনত যজ্ঞ অনুষ্ঠিত কৰিবলৈ চিকিৎসালয় কৰ্তৃপক্ষৰ অনুৰোধ মৰ্মে আৰ্য সমাজে যাৱতীয় সকলো প্ৰস্তুত গ্ৰহণ কৰে আৰু সেই মৰ্মে সুকলমে যজ্ঞ অনুষ্ঠিত হৈ যায়।

এই যজ্ঞানুষ্ঠানত চিকিৎসালয় খনৰ প্ৰায় ভাগ চিকিৎসকেই অংশগ্ৰহণ কৰে।

ইপিনে চৰকাৰী চিকিৎসালয়ত যজ্ঞানুষ্ঠান অনুষ্ঠিত কৰাৰ বিষয়টোৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ প্ৰসংগত মন্তব্য কৰি চৰকাৰী মেডিকেল কলেজৰ ডীন গিতাম্ভৰা মেহতাই কয় যে এই সন্দৰ্ভত তেওঁ পূৰ্বে অৱগত নাছিল।

কোভিড আক্ৰান্ত ৰোগীৰ মনোৰঞ্জনৰ বাবে ৰোগীৰ আত্মীয়ই সংগীত পৰিৱেশন কৰিব বিচাৰিছিল আৰু তেওঁ সেয়া কৰিবলৈ অনুমতি দিছিলি।

কিন্তু ইয়াৰ মাজতে কোনোৱাই যজ্ঞানুষ্ঠান কৰিব বুলি তেওঁ জনা নাছিল।

উল্লেখ্য গুজৰাটত এতিয়া ক’ৰ’নাই কালান্তক ৰূপ ধাৰণ কৰিছে।

প্ৰতিদিনে ৰাজ্য খনত হাজাৰ হাজাৰ লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। ফলত দিশহাৰা হৈ পৰিছে চৰকাৰ াৰু সাধাৰণ জনতা।