NORTHEAST NOW (Assamese)
দেশ

জম্মু-কাশ্মীৰত উৎখাত ইউৰোপৰ পৰা নিয়ন্ত্ৰিত সন্ত্ৰাসবাদী চক্ৰ: দুই সদস্যক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 31, 2022 5:42 pm
Terror in Jammu Kashmir

সন্ত্ৰাসবাদ নিৰ্মূলৰ লক্ষ্যৰে জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীয়ে অব্যাহত ৰখা অভিযানৰ মাজতে দেওবাৰে উপত্যকাটোত আৰক্ষীয়ে উৎখাত কৰিছে ইউৰোপৰ পৰা নিয়ন্ত্ৰিত হৈ থকা এটা সন্ত্ৰাসবাদী চক্ৰ।

আৰক্ষীয়ে লগতে পাকিস্তানৰ পৰা প্ৰৱেশ কৰা ড্ৰোনৰ দ্বাৰা জম্মুত বিস্ফোৰক পেলোৱাত জড়িত থকাৰ সন্দেহত চক্ৰটোৰ দুগৰাকী সদস্যক গ্ৰেপ্তাৰ কৰিছে।

ধৃত সদস্য দুগৰাকীক ডোডাৰ চান্দেৰ বসু আৰু জম্মুৰ কেম্প গোলে গুজৰালৰ চমছেৰ সিং বুলি চিনাক্ত কৰা হৈছে।

দুয়োগৰাকীৰ পৰা চাৰিটা পিষ্টল, আঠটা মেগজিন আৰু ৪৭ ৰাউণ্ড গুলী উদ্ধাৰ কৰা হৈছে বুলি আৰক্ষীয়ে লগতে জানিবলৈ দিয়ে।

জম্মুৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ সিঙে জানিবলৈ দিয়া মতে জেৰাৰ সময়ত বসুৱে সিঙৰ নিৰ্দেশত কাম কৰিছিল বুলি প্ৰকাশ কৰিছে।

দুয়োকে জেৰা কৰাৰ সময়ত সন্ত্ৰাসবাদী চক্ৰটোৰ নিয়ন্ত্ৰণ কেন্দ্ৰ ইউৰোপত থকাৰ কথা জানিব পৰা গৈছে বুলি তেওঁ লগতে কয়।

দুয়োগৰাকী সদস্য বলবিন্দৰ নামৰ জম্মুৰ এগৰাকী অভাৰগ্ৰাউণ্ড কৰ্মীৰ সৈতে সম্পৰ্কত আছিল বুলি সিঙে জানিবলৈ দিছে। তেওঁ লগতে উল্লেখ কৰা মতে বালভিন্দৰে বৰ্তমান ইউৰোপত বসতি স্থাপন কৰিছে।

ধৃত অভিযুক্ত বসু, সিং আৰু বলবিন্দৰে এটা নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠনৰ বাবে কাম কৰি আছে বুলি সদৰী কৰি মুকেশ সিঙে লগতে বলবিন্দৰে ভাৰতত ধৃত সদস্য দুগৰাকী আৰু পাকিস্তানৰ এটা চক্ৰৰ সৈতে সমন্বয় ৰক্ষা কৰি আছে বুলি জানিবলৈ দিয়ে।