NORTHEAST NOW (Assamese)

জনপ্ৰিয় ইনফুয়েন্সাৰ পত্নীক হত্যাৰ পিছত স্বামীৰ চৰম সিদ্ধান্ত, চেন্নাইত চাঞ্চল্য সৃষ্টি

April 29, 2026 8:59 pm ·
Updated: May 21, 2026 10:40 am

চেন্নাইৰ নাংগানাল্লুৰ অঞ্চলত এক অতি চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এগৰাকী জনপ্ৰিয় ইনফুয়েন্সাৰ পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে তেওঁৰ স্বামীৰ বিৰুদ্ধে। কেৱল সেয়াই নহয়, পত্নীক হত্যা কৰাৰ পিছত স্বামীয়ে নিজেও আত্মহত্যা কৰে। স্থানীয় আৰক্ষীয়ে ইতিমধ্যে এই সমগ্ৰ ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, মৃত লোক দুজনৰ নাম হৈছে সুব্ৰমনিয়ম আৰু নাগালক্ষ্মী। নাগালক্ষ্মীৰ বয়স আছিল ৪২ বছৰ। যোৱা কিছুদিন ধৰি দুয়োৰে মাজত পাৰিবাৰিক বিবাদ চলি আছিল আৰু তেওঁলোকে পৃথকে পৃথকে বসবাস কৰিছিল। তেওঁলোকৰ দুটা সন্তান আছে। ২১ বছৰীয়া ডাঙৰ পুত্ৰ হৰিশ ভৰদ্বাজে ৰাছিয়াত চিকিৎসা বিজ্ঞানৰ অধ্যয়ন কৰি আছে আৰু ১৮ বছৰীয়া সৰু পুত্ৰ শৈলেশ চেন্নাইত স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰ। সুব্ৰমনিয়ম মাদুৰাইত থাকিছিল যদিও শেহতীয়াকৈ পত্নীৰ সৈতে চলি থকা বিবাদ মীমাংসা কৰিবলৈ বুলি তেওঁ চেন্নাইলৈ আহিছিল।

জানিব পৰা মতে, যোৱা ২৭ এপ্ৰিল তাৰিখে সুব্ৰমনিয়মে তেওঁৰ সৰু পুত্ৰলৈ এটা মেছেজ পঠিয়াইছিল। মেছেজটো পোৱাৰ পিছতেই পুত্ৰ খৰধৰকৈ ঘৰলৈ আহে আৰু মাকক ঘৰৰ ভিতৰত মৃত অৱস্থাত পৰি থকা দেখিবলৈ পায়। আনহাতে, আন এটা কোঠাত দেউতাকক ডিঙিত চিপ লৈ ওলমি থকা অৱস্থাত দেখা পায়। খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ দল ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

কি নিৰ্দিষ্ট কাৰণত এই ভয়ংকৰ ঘটনা সংঘটিত হ’ল সেয়া এতিয়াও সম্পূৰ্ণৰূপে স্পষ্ট হোৱা নাই। আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ পুংখানুপুংখ তদন্ত চলাই আছে। অৱশ্যে প্ৰাথমিক তদন্তৰ পৰা সন্দেহ কৰা হৈছে যে, সেই দিনা সুব্ৰমনিয়ম আৰু নাগালক্ষ্মীৰ মাজত কাজিয়া চৰম পৰ্যায়ত উপনীত হৈছিল আৰু খঙৰ ভমকত স্বামী সুব্ৰমনিয়মে পত্নীক হত্যা কৰি পিছত নিজেও এই চৰম পথ বাচি লয়।

Related News