NORTHEAST NOW (Assamese)

আগষ্টত ভাৰতীয় গাড়ী বজাৰলৈ আহি আছে অত্যাধুনিক ডিজাইনেৰে হুণ্ডাই Grand i10 Nios

August 7, 2019 3:31 pm · এন ই নাও নিউজ
Updated: August 7, 2019 3:53 pm
হুণ্ডাই গ্ৰ্যাণ্ড আই-১০ নিয়'ছ

ভাৰতবৰ্ষৰ দ্বিতীয় সৰ্ববৃহৎ কাৰ নিৰ্মাতা হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেডে প্ৰতিষ্ঠানটোৰ তৃতীয় প্ৰজন্মৰ গ্ৰ্যাণ্ড আই-১০ ভাৰতীয় গাড়ী বজাৰত ২০ আগষ্টত মুকলি কৰি দিব বুলি বুধবাৰে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে।

সৰু চহৰ আৰু নগৰৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্মাণ কৰা হুণ্ডাইৰ চাৰিচকীয়া বাহনখনৰ নামাকৰণ কৰা হৈছে গ্ৰ্যাণ্ড আই-১০ নিয়’ছ (Grand i10 Nios)

প্ৰতিষ্ঠানটোৱে নিয়’ছৰ অৰ্থ এনেদৰে প্ৰকাশ কৰে- ‘‘সম্পূৰ্ণ নতুন বাহ্যিক আৰু আভ্যন্তৰীণ ডিজাইনেৰে সৈতে আহিছে’’। ১.২ লিটাৰ পেট্ৰ’ল ইঞ্জিনৰে সৈতে বজাৰলৈ আহিবলগীয়া কাৰখনৰ উচ্চ ক্ষমতা হ’ব ৮৩ পি এছ আৰু ১১.৬ কিলোগ্ৰাম টৰ্ক। ১.২ লিটাৰ ডিজেল ইঞ্জিনতো হুণ্ডাই গ্ৰ্যাণ্ড আই-১০ নিয়’ছ উপলব্ধ হ’ব।

হুণ্ডাইৰ প্ৰতিদ্বন্দি মাৰুতিয়ে ২০২০ চনৰ এপ্ৰিল মাহৰ পৰা ইয়াৰ সকলো সৰু কাৰৰ ডিজেল মডেলৰ বিলুপ্তি ঘটাব বুলি উল্লেখ কৰাৰ বিপৰীতে হুণ্ডায়ে চেণ্ট্ৰোৰ বাহিৰে ইয়াৰ আন সকলো গাড়ীৰে ডিজেল ম’ডেল চলাই ৰাখিব বুলি ঘোষণা কৰিছে।

গ্ৰাণ্ড আই-১০ নিয়’ছ অত্যাধুনিক স্বয়ংক্ৰিয় ট্ৰেঞ্চমিছন পদ্ধতিত পেট্ৰ’ল আৰু ডিজেলত উপলব্ধ হ’ব। বৰ্তমান গ্ৰ্যাণ্ড আই-১০ মডেলতহে ৪ স্পীড স্বয়ংক্ৰিয় ট্ৰেঞ্চমিছন পদ্ধতি উপলব্ধ হৈ আছে।

উন্নত প্ৰযুক্তিৰ প্ৰয়োগ আৰু বিশ্বমানৰ পন্যৰে হুণ্ডাই মটৰ ইণ্ডিয়াই ভাৰতীয় গাড়ী বজাৰত বিগত ২১ বছৰ ধৰি বিশেষ আসন অধিকাৰ কৰিবলৈ সক্ষম হৈছে।

‘‘অত্যাধুনিক প্ৰযুক্তি আৰু আকৰ্ষণীয় ডিজাইনেৰে আমি আমাৰ গ্ৰাহকসকলক সন্তুষ্ট কৰিব পৰাকৈ তৃতীয় প্ৰজন্মৰ গ্ৰ্যাণ্ড আই-১০ নিয়’ছ মুকলি কৰিবলৈ পাই অতি সুখী অনুভৱ কৰিছো।’’ হুণ্ডাই মটৰ ইণ্ডিয়াৰ প্ৰবন্ধ সঞ্চালক এছ এছ কিমে এনেদৰে মত প্ৰকাশ কৰে।

২০০৭ চনৰ পৰা হুণ্ডাই আই-১০ নেমপ্লেটেৰে মুকলি কৰা বাহনখনে কোৰিয়াৰ গাড়ী বজাৰত সৰ্বশ্ৰেষ্ঠ বিক্ৰী হোৱা বাহন হিচাপে স্বীকৃতি লাভ কৰাৰ লগতে মুকলি হোৱাৰ দিন ধৰি ভাৰতীয় গাড়ী বজাৰত শীৰ্ষৰ ১০ খন আটাইতকৈ বেছি বিক্ৰী হোৱা গাড়ীৰ মাজত স্থান অধিকাৰ কৰি আহিছে।

আনাতে, বিগত ১২ মাহত গাড়ী বজাৰত হুণ্ডাইৰ গাড়ী বিক্ৰীৰ হাৰ হ্ৰাস পাইছে যদিও প্ৰতিষ্ঠানটোৱে নতুনকৈ মুকলি কৰিবলগীয়া গ্ৰ্যাণ্ড আই-১০ নিয়’ছৰ দ্বাৰা ইয়াৰ বিক্ৰীৰ হাৰ পুনৰ বৃদ্ধি কৰিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰিছে।

Related News