NORTHEAST NOW (Assamese)
অসম

আইজল এফ চি আৰু মোহন বাগানৰ মেচেৰে শনিবাৰৰ পৰা আৰম্ভ হ’ব হিৰ’ আই লীগ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 29, 2019 10:00 pm
EJqkw5GUUAAmtbT-750x375

৩০ নৱেম্বৰ অৰ্থাৎ শনিবাৰৰ পৰা আৰম্ভ হ’ব ২০১৯-২০ বৰ্ষৰ হিৰ’ আই লীগ। প্ৰতিযোগিতাখনৰ প্ৰথম মেচখন আইজল এফ চি আৰু মোহন বাগানৰ মাজত অনুষ্ঠিত হ’ব।

মেচখন অনুষ্ঠিত হ’ব দুপৰীয়া ২ বজাৰ পৰা আইজলৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামত।

দেশৰ জনপ্ৰিয় ফুটবল লীগখনত এইবাৰ মুঠ ১১০ খন মেচ হ’ব। ৪৫ গৰাকী বিদেশী খেলুৱৈৰে সমৃদ্ধ প্ৰতিযোগিতাখন ১৭ সপ্তাহ চলিব বুলি জানিব পৰা গৈছে।

অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনৰ উদ্যোগত অনুষ্ঠিত হ’ব লগীয়া প্ৰতিযোগিতাখনৰ সূচী যোৱা ১৯ নৱেম্বৰত মুকলি কৰা হৈছিল। মেচসমূহ দি স্প’ৰ্টছ যোগে সম্প্ৰচাৰিত হ’ব।

‘মাৰ্কেটিং পাৰ্টনাৰ্ছ FSDL, ব্ৰডকাষ্টাৰ ডি স্প’ৰ্টছ আৰু ক্লাব সমূহৰ সৈতে আলোচনাৰ অন্তত প্ৰতিযোগিতাৰ সূচী নিৰ্ধাৰণ কৰা হৈছে’, হিৰ’ আই লীগৰ এছ ই অ’ সুনন্দ ধৰে জানিবলৈ দিয়ে।

তেওঁ লগতে মেচসমূহ ২, ৫ আৰু ৭ বজাত খেলা হ’ব বুলিও জনায়।

‘মই আশাবাদী ইয়াক লৈ প্ৰত্যেকটো ক্লাব সুখী হ’ব। অইন বছৰৰ দৰে এইবছৰো প্ৰতিযোগিতাখন সফল হ’ব বুলি আশা কৰিছো। নতুন ছিজনৰ বাবে সকলো দলকে শুভেচ্ছা প্ৰদান কৰিলো’, এইদৰে কয় সুনন্দ ধৰে।