NORTHEAST NOW (Assamese)

মই সম্পূৰ্ণ আন্তৰিকতাৰে অসমত কংগ্ৰেছৰ হৈ কাম কৰিম : আৰ পি শৰ্মা

February 25, 2020 8:03 am · এন ই নাও নিউজ
সাংসদ আৰ পি শৰ্মা। ফাইল ফটো: উৎস ইন্টাৰনেট

বিজেপিৰ পৰা পদত্যাগৰ পাছত ২৪ ফেব্ৰুৱাৰিত তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাক্তন বিজেপিৰ সাংসদ আৰ পি শৰ্মাই আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে।

২৮ ফেব্ৰুৱাৰিত নতুন দিল্লীত সৰ্বভাৰতীয় কংগ্ৰেছৰ কমিটিৰ সাধাৰণ সম্পাদক কে বেনুগোপালৰ উপস্থিতিত আৰ পি শৰ্মাই কংগ্ৰেছত যোগ দিয়ে।

কংগ্ৰেছত যোগদানৰ সময়ত আৰ পি শৰ্মাৰ সৈতে অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ উপস্থিত আছিল।

‘‘আৰ পি শৰ্মাৰ দৰে এগৰাকী জেষ্ঠ ৰাজনীতিবিদে যোগদান কৰাটো দলৰ বাবে নিসন্দেহে এটা ভাল খবৰ,’’ বেনুগোপালে কয়।

আনহাতে, প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে আৰ পি শৰ্মাৰ তেজত সদায় কংগ্ৰেছী তেজ আছিল বুলি মন্তব্য কৰে।

‘‘এয়া শৰ্মাৰ বাবে ঘৰলৈ উভতি অহা ধৰণৰ কথা,’’ তৰুণ গগৈয়ে লগতে কয়।

কংগ্ৰেছত যোগদান কৰাৰ পাছত মত ব্যক্ত কৰি আৰ পি শৰ্মাই অসমত কংগ্ৰেছ দলৰ হৈ তেওঁ আন্তৰিকতাৰে কাম কাম কৰিব বুলি কয়।

‘‘যদিও মই বিজেপি ত্যাগ কৰিছো এতিয়াও আৰ এছ এছৰ প্ৰতি মোৰ সন্মান অটুত আছে আৰু মই কেতিয়াও আৰ এছ এছৰ আদৰ্শ নাপাহৰো,’’ শৰ্মাই লগতে কয়।

উল্লেখযোগ্য যে, বিগত লোকসভা নিৰ্বাচনত তেজপুৰৰ প্ৰাক্তন সাংসদ আৰ পি শৰ্মাক বিজেপিয়ে দলীয় টিকত প্ৰদান নকৰাৰ পাছতে বিজেপি নেতৃবৃন্দৰ প্ৰতি ক্ষোভ প্ৰকাশক কৰি দলৰ পৰা পদত্যাগ কৰিছিল শৰ্মাই।

Related News