NORTHEAST NOW (Assamese)

অপাৰেচন সিন্দুৰত পাঁচখন পাকিস্তানী যুঁজাৰু বিমান আৰু এখন এয়াৰক্ৰাফ্ট ধ্বংস কৰা হৈছিলঃ ভাৰতীয় বায়ুসেনাৰ মুৰব্বীৰ দাবী

August 9, 2025 2:37 pm · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতীয় বায়ুসেনাৰ মুৰব্বী মাৰ্শ্বাল এ পি সিঙে ৯ আগষ্টত প্ৰকাশ কৰিছিল যে ২০২৫ চনৰ ৭ মেত ২২ এপ্ৰিলৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে অপাৰেচন সিন্দুৰৰ সময়ত পাঁচখন পাকিস্তানী যুদ্ধ বিমান আৰু এখন বৃহৎ বিমান ধ্বংস কৰা হৈছিল। বেংগালুৰুত অনুষ্ঠিত হোৱা এয়াৰ চিফ মাৰ্শ্বাল এল এম কাট্ৰে মেমৰিয়েল লেকচাৰত ভাষণ দি সিঙে এই কথা উল্লেখ কৰে।

লগতে তেঁও কয় যে, ‘বিমানৰ বাহিৰেও বৃহৎ সংখ্যক ইউএভি আৰু ড্ৰ‘ন আছে, যাৰ কিছুমান মিছাইল আমাৰ ভূখণ্ডত পৰি গৈছিল;আমি সেইবোৰ উদ্ধাৰ কৰিছোঁ।বহুত ধ্বংসাৱশেষ উদ্ধাৰ কৰা হৈছে, যিবোৰ অধ্যয়ন কৰা হৈছে যাতে আমি জানিব পাৰো যে তেওঁলোকে কি কৰিছিল, ক’ৰ পৰা নিক্ষেপ কৰা হৈছিল, কি পথ অনুসৰণ কৰিছিল, কেনেধৰণৰ ব্যৱস্থা আছিল, কি প্ৰজন্মৰ আছিল, কেনে ধৰণৰ বৈশিষ্ট্য আছিল, ইত্যাদি।

মাৰ্শ্বাল এ পি সিঙে মূল ভাষণ প্ৰদান কৰাৰ পাছত সেৱা আগবঢ়োৱা আৰু অৱসৰপ্ৰাপ্ত বায়ুসেনাৰ জোৱানসকলৰ সৈতেও মত বিনিময় কৰে।

Related News