NORTHEAST NOW (Assamese)

গুৰুত্বপূৰ্ণ ম্যানমাৰ, চীন সীমান্তত পুনৰ সক্ৰিয় ভাৰতীয় বায়ু সেনাৰ বিজয়নগৰ এ এল জি

September 18, 2019 5:12 pm · এন ই নাও নিউজ
Updated: September 18, 2019 5:35 pm
বিযয়নগৰ এ এল জি ৰানৱে’ মুকলিৰ সময়ত এয়াৰ মাৰ্শ্বাল আৰ দি মাথুৰ আৰু অন্যান্য।

ভাৰতীয় বায়ু সেনাই বুধবাৰে ম্যানমাৰ সীমান্তত পুনৰ সক্ৰিয় কৰিছে বিজয়নগৰ এদভান্সদ লেণ্ডিং গ্ৰাউণ্ড।

বায়ু সেনাৰ এ এন ৩২ এয়াৰক্ৰাফ্ট এখনে বুধবাৰে এ এল জিটোত সফলতাৰে অৱতৰণ কৰিছে।

২০১৬ চনৰ পৰা বন্ধ হৈ থকা এই এ এল জিটোৰ অৱস্থান ৰণকৌশলগতভাৱে গুৰুত্বপূৰ্ণ।

বিজয়নগৰ পাৰ হৈ ভাৰতৰ সীমাত লাগি আছে ম্যানমাৰৰ ছাগাইং অঞ্চল আৰু কাচিন প্ৰদেশ।

উপগ্ৰহীয় ছবিত বিজয়নগৰৰ অৱস্থান। কাষত ম্যানমাৰৰ ছাগাইং অঞ্চল আৰু কাচিন প্ৰদেশ।

এ এল জিটোৰ পুনৰ সক্ৰিয়কৰণ সংবেদনশীল আৰু পথ যোগাযোগ-দুৰ্গম ম্যানমাৰ আৰু চীন সীমান্তলৈ ভাৰতীয় সৈন্য আৰু অস্ত্ৰ পৰিবহণত সহায়ক হ’ব।

এ এল জিটোৰ মুকলিয়ে দুৰ্গম অঞ্চলটোলৈ অসামৰিক সা-সামগ্ৰী পৰিবহণ, অসামৰিক প্ৰশাসনীয় বিষয়া-কৰ্মচাৰীৰ যাতায়াতো সুচল হ’ব।

বিজয়নগৰ এ এল জিৰ ৰানৱে’টো মুকলি কৰে বায়ু সেনাৰ ইষ্টাৰ্ন এয়াৰ কমাণ্ডৰ এ অ’ চি-ইন-চি এয়াৰ মাৰ্শ্বাল আৰ দি মাথুৰ আৰু ভাৰতীয় সেনাৰ ইষ্টাৰ্ন কমাণ্ডৰ জি অ’ চি-ইন-চি লেফটেনেণ্ট জেনেৰেল অনিল চৌহানে।

বিযয়নগৰ এ এল জিত অৱতৰণ কৰা এ এন ৩২ এয়াৰক্ৰাফ্ট।

বিজয়নগৰ এ এল জিৰ মেৰামতিৰ কাম এয়াৰ ফ’ৰ্চ ষ্টে’চন যোৰহাটৰ অধীনত সম্পন্ন হৈছে, অনুষ্ঠানটোত উপস্থিত প্ৰতিৰক্ষা জন সম্পৰ্কৰক্ষী বিষয়া লেফটেনেণ্ট কৰ্নেল পি খ’নছাই জনায়।

“কামটো কঠিন আছিল। কাৰণ সকলো সামগ্ৰী হেলিকপ্তাৰেৰে কঢ়িওৱা হৈছিল,” খ’নছাই কয়।

লগতে পঢ়ক– অৰুণাচল প্ৰদেশত “হিমবিজয়”ত নামিব ১৫ হাজাৰ ভাৰতীয় সেনা

Related News