NORTHEAST NOW (Assamese)

Agnipath: অগ্নিপথ প্ৰকল্পত তিনিদিনত বায়ু সেনাৰ বাবে আবেদন পৰিল ৫৬,৯৬০ খন!

June 27, 2022 2:57 pm · এন ই নাও নিউজ, গুৱাহাটী

Agnipath recruitment scheme অগ্নিপথ প্ৰকল্পৰ বাবে যোৱা শুকুৰবাৰে পঞ্জীয়ন আৰম্ভ হৈছিল। দেওবাৰৰ ভিতৰত, অৰ্থাৎ তিনিদিনৰ ভিতৰত প্ৰকল্পটোৰ বাবে ভাৰতীয় বায়ু সেনা কাৰ্যালয়ত ৫৬,৯৬০ খন আবেদন দাখিল হৈছে। বায়ু সেনাৰ ফালৰ পৰা টুইট কৰি কৈছে: “৫৬,৯৬০! অগ্নিপথ নিযুক্তি প্ৰক্ৰিয়াত ভৱিষ্যতৰ অগ্নিবীৰৰ পৰা ইমানবোৰ আবেদন পোৱা গৈছে।

কেন্দ্ৰঈয় চৰকাৰে যোৱা ১৪ জুনত অগ্নিপথ প্ৰকল্পৰ ঘোষণা কৰিছিল। ইয়াত কোৱা হৈছিল যে ১৭-২১ বছৰীয়া যুৱক-যুৱতীসকলক চাৰি বছৰৰ বাবে সেনাবাহিনীত নিযুক্তি দিয়া হ’ব। চাৰি বছৰৰ পিছত তেওঁলোকৰ ২৫ শতাংশ স্থায়ীভাৱে সেনাত অন্তৰ্ভুক্ত কৰা হ’ব। এই ঘোষণাত, প্ৰতিবাদ আৰম্ভ হোৱাৰ লগে লগে কেন্দ্ৰই বয়সৰ উৰ্ধসীমা ২১ৰ পৰা ২৩ লৈ বৃদ্ধি কৰে। কিন্তু তাত কোনো লাভ নহ’ল।

লগতে পঢ়ক: Alia Bhatt: বিয়াৰ আঢ়ৈ মাহৰ ভিতৰতে অন্ত:সত্তা আলিয়া ভাট! ছ’চিয়েল মিডিয়াত নিজেই দিলে ভাল খবৰ

তিনি-চাৰিদিন ধৰি অগ্নিপথ প্ৰকল্পক লৈ দেশৰ বিভিন্ন প্ৰান্তত অগ্নিগৰ্ভ পৰিস্থিতিৰ সৃষ্টি হৈছিল। এখনৰ পিছত আনখন ৰাজ্য, চহৰত প্ৰতিবাদে তীব্ৰ ৰূপ ধাৰণ কৰিছিল। পথবোৰ অৱৰোধ কৰা হৈছিল আৰু ব্যক্তিগত ৰাজহুৱা সম্পত্তিত অগ্নি সংযোগ কৰা হৈছিল। আনকি ৰে’লো জ্বলাই দিয়া হৈছিল।

এতিয়া প্ৰতিবাদ বন্ধ হৈছে আৰু বহুতেই অগ্নিপথ প্ৰকল্পত বায়ু সেনাত প্ৰৱেশ কৰিবলৈ ইচ্ছুক হোৱা দেখা গৈছে।  

Related News