NORTHEAST NOW (Assamese)
অসম

আই এ এছ বিষয়া শেৱালী দেৱী শৰ্মাৰ বিৰুদ্ধে ১০৫ কোটি টকা আত্মসাতৰ অভিযোগ; হ’ব পাৰে গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 11, 2023 2:20 pm
আই এ এছ বিষয়া শেৱালী দেৱী শৰ্মাৰ বিৰুদ্ধে ১০৫ কোটি টকা আত্মসাতৰ অভিযোগ; হ’ব পাৰে গ্ৰেপ্তাৰ

নিলম্বিত আই এ এছ বিষয়া শেৱালী দেৱী শৰ্মাক মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই (ভিজিলেন্স চেল) এক বৃহৎ পুঁজি আত্মসাতৰ গোচৰৰ সন্দৰ্ভত জেৰা কৰি আছে।

পেছাত ঠিকাদাৰ জোঁৱাই অজিত পাল সিঙৰ সৈতে শৰ্মাই কোনো ৱৰ্ক অৰ্ডাৰ দেখুৱাই ১০৫ কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে।

নিলম্বিত আই এ এছ বিষয়াগৰাকীয়ে ধন আত্মস্যাৎ কৰিবলৈ ভুৱা প্ৰতিষ্ঠান খুলি ১৩ কোটি টকাৰে স্মাৰ্ট ক্লাছৰুম নিৰ্মাণ কৰাৰো অভিযোগ উঠিছে, য’ত বুনিয়াদী সা-সুবিধাসমূহ পূৰণ কৰাতো ব্যৰ্থ হয়।

লগতে পঢ়ক: হিজাব পিন্ধি ৰাস্তাত! অহো, এইবাৰ ৰেষ্টুৰেণ্টতো মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰিলে তালিবানে

সমগ্ৰ কাণ্ডৰ তদন্ত এতিয়াও চলি আছে আৰু কি নতুন তথ্য ওলাই আহে সেয়া হ’ব লক্ষ্যণীয়।

ইয়াৰ পূৰ্বে অসম চৰকাৰে আই এ এছৰ বিষয়াগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি, আৰ্থিক বিসংগতি আৰু পুঁজিৰ অপব্যৱহাৰৰ সৈতে জড়িত থকাৰ অভিযোগত কৃষি বিভাগৰ সচিব পদৰ পৰা নিলম্বন কৰিছিল।

আনুষ্ঠানিক অধিসূচনা অনুসৰি শৰ্মাই ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ কাৰ্যবাহী তথা সঞ্চালক হিচাপে থকা সময়ছোৱাত চৰকাৰৰ অনুমোদন অবিহনে পাঁচটা বেংক একাউণ্ট খোলাৰ অভিযোগ উত্থাপন হৈছে।

লগতে পঢ়ক: শচীন পাইলটৰ অনশন ‘দল বিৰোধী কাৰ্যকলাপ’! গেহলটৰ কাষত থিয় দি কঠোৰ বাৰ্তা কংগ্ৰেছ নেতৃত্বৰ

এছ চি ই আৰ টিৰ অধীনত অ’ ডি এলৰ কাৰ্য্যকলাপৰ তদন্তৰ প্ৰতিবেদনত বিত্তীয় অনিয়ম আৰু বহু কোটি টকাৰ পুঁজিৰ অপব্যৱহাৰৰ পতিয়নযোগ্য উল্লেখ থকাৰ কথাও প্ৰকাশ পাইছিল।