• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শচীন পাইলটৰ অনশন ‘দল বিৰোধী কাৰ্যকলাপ’! গেহলটৰ কাষত থিয় দি কঠোৰ বাৰ্তা কংগ্ৰেছ নেতৃত্বৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
April 11, 2023 1:13 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিধানসভা নির্বাচনৰ পূর্বে ৰাজস্থানত গেহলট-পাইলট সংঘাত তুংগত উপনীত হৈছে৷ কংগ্ৰেছ নেতা শচীন পাইলটে নিজৰ দলৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰিছে। বসুন্ধৰা ৰাজে চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত ১১ এপ্ৰিল অৰ্থাৎ মঙলবাৰৰ পৰা অনশন কাৰ্যসূচীও গ্ৰহণ কৰিছে।

ইপিনে, সোমবাৰে নিশা হাইকমাণ্ডে এক বিবৃতি জাৰি কৰি পাইলটক সকীয়াই দিয়ে। ৰাজস্থান প্ৰদেশ কংগ্ৰেছৰ সভাপতি সুখজিন্দৰ সিং ৰানধাৱাই প্ৰকাশ কৰা বিবৃতিত পাইলটৰ এই কাৰ্যসূচীক দল বিৰোধী কাৰ্যকলাপ হিচাপে গণ্য কৰা হ’ব বুলি উল্লেখ কৰে।

লগতে পঢ়ক: হিজাব পিন্ধি ৰাস্তাত! অহো, এইবাৰ ৰেষ্টুৰেণ্টতো মহিলাৰ প্ৰৱেশ নিষিদ্ধ কৰিলে তালিবানে

Apply Now

দেওবাৰে এখন সংবাদমেলত কংগ্ৰেছ নেতা শচীন পাইলটে এদিনীয়া অনশনৰ কথা ঘোষণা কৰিছিল। বৰ্তমানৰ কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে ১১ এপ্ৰিলত অনশন কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি কৈছিল। কিন্তু এই কিয় অনশন?

শচীনে কয় যে পূৰ্বৰ বিজেপিৰ বসুন্ধৰা ৰাজে চৰকাৰৰ বিৰুদ্ধে উত্থাপিত দুৰ্নীতিৰ অভিযোগৰ তদন্তৰ বাবে অশোক গেহলটৰ ওচৰত আবেদন জনাইছিল যদিও তেওঁ কোনো উত্তৰ নাপালে। শচীনে কয়, ‘বসুন্ধৰা ৰাজেৰ দিনত আমি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ দাখিল কৰিছিলো। …আমি প্ৰতিশোধৰ ৰাজনীতিত বিশ্বাস নকৰো। কিন্তু বিৰোধী দল হিচাপে আমাৰ বিশ্বাসযোগ্যতা আছিল। সেইবাবেই আমি ক্ষমতালৈ আহিলোঁ।”

লগতে পঢ়ক: অৱমাননাকৰ টুইট! অৱশেষত দিল্লী উচ্চ ন্যায়ালয়ত ক্ষমা খুজিলে পৰিচালক বিবেক অগ্নিহোত্ৰীয়ে

প্ৰায় ডেৰ বছৰ পূৰ্বে গেহলটলৈ চিঠি লিখা বুলিও কংগ্ৰেছ নেতাজনে কয়। অৱশ্যে কোনো উত্তৰ নাপালে। এই কাৰণেই অনশনৰ সিদ্ধান্ত লোৱা হ’ল।

ইয়াৰ পিছতে সক্ৰিয় হৈ পৰিল হাইকমাণ্ড। ৰাজস্থান প্ৰদেশ কংগ্ৰেছৰ সভাপতি সুখজিন্দৰ সিং ৰানধাৱাই সোমবাৰে কয় যে পাইলটে সঠিক সময়ত গেহলট বিৰোধী সংবাদমেল অনুষ্ঠিত কৰা নাই। লগতে কয়, “অহা সোমবাৰ বা মঙলবাৰে জয়পুৰলৈ যাম। গেহলট আৰু পাইলটৰ লগত কথা পাতিম।”

তদুপৰি, ৰানধাৱাই কয় যে ৰাজ্যিক সভাপতি হোৱাৰ পাছত পাইলটৰ সৈতে ১০-১৫ বাৰ সাক্ষাৎ কৰিছো। তেওঁ কেতিয়াও এই বিষয়টো উত্থাপন কৰা নাছিল। কিয়? কংগ্ৰেছ নেতাজনক প্ৰশ্ন কৰা হ’ব।”

লগতে পঢ়ক: IPL 2023:চিন্নাস্বামীত শ্বাসৰুদ্ধকৰ যুঁজত বাংগালুৰু বধ লক্ষ্ণৌৰ; নায়ক নিকোলাছ, ষ্ট’ইনিছ

ৰাজস্থান প্ৰদেশ কংগ্ৰেছৰ সভাপতি সুখজিন্দৰ সিং ৰানধাৱাই প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে, মঙলবাৰে শচীন পাইলটৰ দিনজোৰা অনশন  দল বিৰোধী কাৰ্যকলাপ। যদি তেওঁৰ নিজৰ চৰকাৰৰ বিৰুদ্ধে কিবা ক’ব লগা আছিল তেন্তে সংবাদ মাধ্যম আৰু ৰাজহুৱা কৰাৰ পৰিৱৰ্তে দলীয় মঞ্চত আলোচনা কৰা উচিত আছিল।”

Statement issued by Shri Sukhjinder Singh Randhawa, AICC In charge of Rajasthan. pic.twitter.com/PMn8aDdu0O

— INC Sandesh (@INCSandesh) April 10, 2023

ৰানধাৱাই বিবৃতিটোত লগতে কয়, ‘যোৱা পাঁচ মাহ ধৰি মই এআইচিচিৰ দায়িত্বত আছো। পাইলটে মোৰ লগত কেতিয়াও নিজৰ দাবীৰ বিষয়ে আলোচনা কৰা নাছিল। তেওঁৰ লগত মোৰ যোগাযোগ আছে। আলোচনাৰ বাবে আবেদন জনাইছো, কিয়নো তেওঁ কংগ্ৰেছ দলৰ বাবে এক ডাঙৰ সম্পদ।”

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd