NORTHEAST NOW (Assamese)

প্ৰায় ২৯ মাহৰ পিছত প্ৰধানমন্ত্ৰী মোদীৰ গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত মণিপুৰ ভ্ৰমণক নাটক আখ্য মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ইবোবি সিঙৰ

September 10, 2025 1:26 pm · এন ই নাও নিউজ, গুৱাহাটী

প্ৰায় ২৯ মাহৰ পিছত ১৩ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোদীৰ গোষ্ঠী সংঘৰ্ষত জৰ্জৰিত মণিপুৰ ভ্ৰমণৰ প্ৰস্তাৱক “নাটক” বুলি অভিহিত কৰিছে মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওক্ৰম ইবোবি সিঙে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বাৰ্তাত কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে ২-৩ ঘণ্টাৰ চুটি ভ্ৰমণে মণিপুৰৰ বৰ্তমানৰ হিংসা, স্থানচ্যুতিকে ধৰি সমস্যা সমাধান কৰিব নোৱাৰে। তেওঁৰ মতে, মোদীৰ অসম আৰু মিজোৰাম ভ্ৰমণৰ অংশস্বৰূপ এই ভ্ৰমণ এক নাটকত কৈ অধিক একো নহয়। এয়া প্ৰধানমন্ত্ৰীৰ দায় সৰাৰ প্ৰচেষ্টা মাথোঁ ৰাজ্যখনক সহায়ৰ প্ৰচেষ্টা নহয় বুলি মত পোষণ কৰিছে।

ইবোবি সিঙে মণিপুৰৰ ৰাজ্যপাল অজয় ​​কুমাৰ ভল্লাক সমালোচনা কৰি কয় যে ৰাজ্যখনত হিংসাত্মক পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ কেৱল বিজেপি বিধায়কক সাক্ষাৎ কৰে। তেওঁ ইয়াক পক্ষপাতত্বদুষ্ট কাৰ্য্য বুলি অভিহিত কৰি কয় যে ৰাজ্যপালগৰাকীয়ে বিৰোধী নেতাসকলকো জড়িত কৰা উচিত আছিল। বিৰোধী দলৰ নেতা ইবোবিয়ে কয় যে মণিপুৰৰ সংকটৰ সময়ত এনে কার্যই চৰকাৰৰ প্রতি মানুহৰ আস্থা হেৰাই গৈছে৷

ইয়াৰো কুকি উগ্ৰপন্থী সংগঠনৰ সৈতে হোৱা চুক্তি সঠিকভাৱে চম্ভালিব নোৱাৰাৰ বাবেও কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক দোষাৰোপ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰসমূহে ছাচপেনচন অৱ অপাৰেচন (এছ অ’ অ’) চুক্তিৰ উলংঘাক আওকাণ কৰি উগ্ৰপন্থীক মুক্তভাৱে কাম কৰিবলৈ অনুমতি দিয়াৰ লগতে স্থানীয় জনগোষ্ঠীক বিপদত পেলাইছে।

Related News