NORTHEAST NOW (Assamese)
Popular Stories

খেলপথাৰত অভদ্ৰ আচৰণ; ভাৰত-বাংলাদেশৰ পাঁচগৰাকী খেলুৱৈক আই চি চিৰ শাস্তি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 11, 2020 4:38 pm
India and Bangladesh

আই চি চি ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ ফাইনেলত অশোভনীয় আচৰণ কৰা ভাৰতৰ দুজন খেলুৱৈ আকাশ সিং আৰু ৰবি বিশ্নোইৰ লগতে তিনিজন বাংলাদেশী খেলুৱৈক আই চি চিয়ে খেলৰ আচৰণ বিধি উলংঘা কৰাৰ বাবে দোষী সাব্যস্ত কৰে।

ভাৰতৰ বেগী বলাৰ আকাশ সিং আৰু স্পীনাৰ ৰবি বিশ্নোইৰ লগতে নিষেধাজ্ঞাৰ সন্মুখিন হোৱা বাংলাদেশী ক্ৰিকেটাৰ তিনিগৰাকী হ’ল ক্ৰমে-নৌহিদ ৰিদয়, শমীম হুছেইন আৰু ৰকিবুল হসান।

আই চি চিয়ে খেল পথাৰত আচৰণ বিধি উলংঘন কৰাৰ বাবে এই পাঁচগৰাকী খেলুৱৈক শাস্তি প্ৰদান কৰে।

উল্লেখযোগ্য যে, ফাইনেল খেলখনৰ অন্তত দুয়োটা দলৰ খেলুৱৈ সকলে খেলপথাৰতে মাৰপিটৰ বাবে উদ্যত হৈছিল।

‘‘পাঁচগৰাকী খেলুৱৈক আচৰণ বিধি উলংঘা কৰাৰ বাবে দোষী সাব্যস্ত কৰা হৈছে। এই খেলুৱৈ সকলৰ ওপৰত ধাৰা ২.২১ আৰু ভাৰতৰ ৰবি বিশ্নোইৰ ওপৰত ২.৫ ধাৰা উলংঘা কৰাৰ অভিযোগ উত্থাপন হৈছে,’’ আই চি চিয়ে কয়।

এই নিষেধাজ্ঞা অনুসৰি খেলুৱৈ সকল এখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় বা এখন টি-২০ ১৯ বছৰ অনুৰ্ধ খেলত অংশ লোৱাৰ পৰা বঞ্চিত হ’ব পাৰে।

উল্লেখযোগ্য যে, ভাৰত আৰু বাংলাদেশী ক্ৰিকেটাৰ সকলে খেলপথাৰত কৰা ব্যৱহাৰৰ বাবে বিশ্বজুৰি সমালোচনাৰ সন্মুখিন হ’বলগীয়া হৈছে।

ভাৰতৰ প্ৰাক্তন তাৰকা বেটছমেন সুনীল গাভাস্কাৰে খেলপথাৰত খেলুৱৈৰ এনে ব্যৱহাৰ কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰি ক্ৰিকেট ভদ্ৰ লোকৰ খেল সেয়ে খেলৰ মাজত ভদ্ৰতা বজাই ৰখাটো দৰকাৰ বুলি মন্তব্য কৰে।