NORTHEAST NOW (Assamese)

আই চি চিৰ নতুন নিয়ম; ১৫ বছৰ বয়সৰ তলৰ খেলুৱৈয়ে খেলিব নোৱাৰিব আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট

November 21, 2020 9:42 am · এন ই নাও নিউজ

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটোৱাৰ বাবে খেলুৱৈ সকলৰ বয়সৰ ক্ষেত্ৰত নতুন নিয়মৰ প্ৰৱৰ্তন কৰিছে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কাউন্সিল চমুকৈ আই চি চিয়ে।

আই চি চিৰ নতুন নিয়ম অনুসৰি যিকোনোধৰণৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলাৰ বাবে খেলুৱৈ গৰাকীৰ বয়স ১৫ বছৰৰ ওপৰত হ’ব লাগিব।

আই চি চি প্ৰতিযোগিতা, দ্বিপাক্ষিক শৃংখলা আৰু ১৯ বছৰ অনূৰ্ধ ক্ৰিকেট প্ৰতিযোগিতাকে ধৰি ক্ৰিকেটৰ খেলপথাৰত খেলুৱৈসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ স্বাৰ্থতে আই চি চিয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১৫ বছৰ বয়সৰ তলৰ খেলুৱৈ সকলে অংশগ্ৰহণ কৰিব নোৱাৰে বুলি নতুন নিয়ম প্ৰৱৰ্তন কৰে।

এতিয়াৰে পৰা যিকোনোধৰণৰ পুৰুষ, মহিলা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট অথবা ১৯ বছৰ অনুৰ্ধ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলিবলৈ হ’লেও ক্ৰিকেটাৰ গৰাকীৰ বয়স ১৫ বছৰৰ অধিক হ’ব লাগিব।

উল্লেখযোগ্য যে, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত আটাইতকৈ কম বয়সত অভিষেক ঘটোৱা ক্ৰিকেটাৰৰ অভিলেখ আছে পাকিস্তানৰ হাছান ৰাজাৰ নামত।

ৰাজাই মাত্ৰ ১৪ বছৰ বয়সতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক কৰিছিল।

Related News