NORTHEAST NOW (Assamese)

ভাৰততো চীনৰ নতুন ‘কেট কিউ’ ভাইৰাছৰ উপস্থিতি! সতৰ্ক কৰিলে আইচিএমআৰে

September 29, 2020 8:01 am · এন ই নাও নিউজ

গোটেই বিশ্বকে সন্ত্ৰস্ত কৰি ৰখা কৰ’না ভাইৰাছৰ পৰা মুক্তিৰ পথ বিচাৰি হাবাথুৰি খোৱাৰ মাজতে সন্মুখলৈ আহিছে আৰু এটি ভাইৰাছৰ উপস্থিতিৰ খৱৰ।

চীনত ইয়াৰ সূত্ৰপাত ঘটিছে যদিও ভাৰততো হেনো এই ভয়ংকৰ ভাইৰাছে সন্ত্ৰাসৰ সৃষ্টি কৰিব পাৰে।

আশ্চৰ্যজনকভাৱে, বৰ্তমান আইচিএমআৰৰ এটা সমীক্ষাত দেখা গৈছে যে ৮৮৩গৰাকী লোকৰ শৰীৰত এন্টিবডী আছে। অৰ্থাৎ তেওঁলোক কেতিয়াবা এই ভাইৰাছত আক্ৰান্ত হৈছিল।

যিটো মহৰ জৰিয়তে এই ভাইৰাছ বিয়পে তাৰ উপস্থিতি ভাৰততো আছে। সেয়েহে, ভাৰতত আৰু এটা চীনৰ ভাইৰাছ বিয়পি পৰা শংকা দেখা গৈছে।

ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্ছৰ (আইচিএমআৰ) গৱেষকসকলে কৈছে যে ভাৰতত তেওঁলোকে আৰু এটা চীনৰ ভাইৰাছ কেট কিউ বা চিকিউভি নামৰ ভাইৰাছ চিনাক্ত কৰিছে।

তেওঁলোকে ভাৰতত এইটোৱে সংক্ৰমণ বিয়পাব পাৰে বুলি সতৰ্ক কৰি দিছে।

চীন আৰু ভিয়েটনামত উপস্থিতি ধৰা পৰা এই চিকিউভি ভাইৰাছ গাহৰি আৰু কিউলেক্স মহৰ শৰীৰত পোৱা যায়।

বাতৰি অনুসৰি, ভাৰতৰ দুজনৰ শৰীৰত এই ভাইৰাছ ধৰা পৰিছিল। ইয়াৰে এজনৰ দেহত ২০১৪চনত আৰু আনজনৰ দেহত ২০১৭চনত নমুনা পৰীক্ষা কৰা হৈছিল।

এই দুইজন লোকৰে নমুনা কৰ্ণাটকত সংগ্ৰহ কৰা হৈছিল।

বিজ্ঞানীসকলে গৱেষণাৰ পাছত সাৱধান কৰি দি জনাইছে যে মহৰ শৰীৰত চিকিউভি ভাইৰাছৰ উপস্থিতিৰ ফলত ভাৰতত এই ৰোগ বিয়পি পৰাৰ আশংকা আছে।

Related News