NORTHEAST NOW (Assamese)
দেশ

‘১০০ মোদী-শ্বাহেও ৰখাব নোৱাৰে, ২০২৪ত কংগ্ৰেছৰ নেতৃত্বত হ’ব চৰকাৰ,’ কোনে ক’লে?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 22, 2023 5:07 pm

২০২৪ চনত কেন্দ্ৰত কংগ্ৰেছৰ নেতৃত্ব চৰকাৰ গঠন হ’বই। এই দাবী খোদ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ। নাগালেণ্ডত নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কয় যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে বিৰোধী মিত্ৰজোঁটৰ নেতৃত্ব দি বিজেপিক পৰাস্ত কৰিব। ইয়াৰ বাবে সকলো বিৰোধী দলৰ সৈতে আলোচনা চলি আছে।

মল্লিকাৰ্জুন খৰ্গেই লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বহুবাৰ কৈছে যে তেৱেঁ একমাত্ৰ মানুহ যিয়ে দেশৰ প্ৰতিটো সমস্যাৰ সন্মুখীন হ’ব পাৰে। আন কোনো মানুহে তেওঁক স্পৰ্শ কৰিব নোৱাৰে।

“কোনো গণতান্ত্ৰিক মনোভাৱাপন্ন ব্যক্তিয়ে এনেকৈ নকয়। মনত ৰাখিব লাগিব যে আপুনি স্বৈৰাচাৰী ৰাষ্ট্ৰত নহয়, এখন গণতান্ত্ৰিক দেশত আছে। আপুনি কোনো একনায়কত্ববাদী নহয়। আপোনাক জনসাধাৰণে নিৰ্বাচিত কৰে আৰু মানুহে আপোনাক এটা শিক্ষা দিব।” প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীক উদ্দেশ্যি এইদৰে কয় কংগ্ৰেছ সভাপতিগৰাকীয়ে।

মল্লিকাৰ্জুন খাৰ্গে আৰু কয় “আমি প্ৰতিটো দলক ফোন কৰিছো, আমি কথা পাতিছো, আলোচনা কৰি আছো। এইবাৰ বিজেপিয়ে সংখ্যাগৰিষ্ঠতা নাপায়। ১০০ গৰাকী মোদী-শ্বাহ আহিলেও আন দলৰ সৈতে আমিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিম।”

“আমাৰ মানুহে স্বাধীনতাৰ বাবে প্ৰাণ দিছে। আপুনি নহয়। বিজেপিৰ মানুহে মোক কওক কোনো বিজেপি নেতাক স্বাধীনতাৰ বাবে ফাঁচী দিয়া হৈছে নেকি? নে স্বাধীনতাৰ বাবে যুঁজিছিল নেকি? জেললৈ গৈছিল নে? তাৰ পৰিৱৰ্তে, স্বাধীনতা দিয়া এজন মানুহক, মহাত্মা গান্ধীক তেওঁলোকে হত্যা কৰিলে। দেশৰ ঐক্যৰ বাবে ইন্দিৰা গান্ধীয়ে নিজৰ জীৱন দিলে।দেশৰ ঐক্যৰ বাবে ৰাজীৱ গান্ধীয়ে নিজৰ জীৱন দিলে।” এইদৰে তীব্ৰ ভাষাৰে বিজেপিকো আক্ৰমণ কৰে কংগ্ৰেছ সভাপতি খৰ্গেই।