NORTHEAST NOW (Assamese)
অসম

“অখিল গগৈয়ে বিজেপিত যোগদান মই মোৰ পত্নীৰ সৈতে বিবাহ বিচ্ছেদ কৰিব লাগিব” : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 6, 2025 7:38 pm

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিজেপিত যোগদান কৰাৰ কথা ভাবিছে। এই দাবী কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিৰোধীক আক্ৰমণ কৰিবলৈ গৈ এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই।

শেহতীয়াকৈ অখিল গগৈয়ে ভূপেন বৰাই নতুন গাড়ী ক্ৰয় কৰাৰ সম্পৰ্কত অভিযোগ উত্থাপন কৰিছিল। অখিল গগৈৰ মতে কোনো ৰাজনৈতিক উৎসৰ পৰা টকা লৈ ভূপেন বৰাই নতুন গাড়ী ক্ৰয় কৰিছে।

আনহাতে, অখিল গগৈক প্ৰত্যুত্তৰ দি বৰাই কয় যে মই কেইবাবছৰ ধৰি গাড়ী ক্ৰয় কৰা নাই। ২০২৬ ৰ নিৰ্বাচনৰ পিছত মই চৰকাৰী গাড়ীত উঠিম। সেয়ে গাড়ী ক্ৰয় কৰা নাই।

ইফালে অখিল গগৈ আৰু ভূপেন বৰাৰ এ     ই বাক যুদ্ধৰ মাজত সোমাই হিমন্ত বিশ্ব শৰ্মাই কয় যে ভূপেন বৰাই হয়তো বিজেপিত যোগদান কৰাৰ কথা ভাবিছে কিয়নো ভূপেন বৰাই বিজেপিত যোগদান কৰিলে চৰকাৰী গাড়ীত উঠাৰ সুযোগ লাভ নকৰে। কিয়নো, দিছপুৰত বিজেপিয়েই শাসন চলাই যাব।

লগতে, শৰ্মাই কয়, “অখিল গগৈয়ে যদি বিজেপিত যোগদান কৰে, মই মোৰ পত্নীৰ লগত বিবাহ বিচ্ছেদ কৰি ৰাইজৰ দলত যোগদান কৰিব লাগিব।”এই মন্তব্যৰে অখিল গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত থকা ৰাজনৈতিক শত্ৰুতাৰ কথা স্পষ্ট কৰি দিয়ে হিমন্ত বিশ্ব শৰ্মাই।