NORTHEAST NOW (Assamese)

‘আইন উলংঘন কৰি অনুষ্ঠান পাতিলে হত্যাৰ প্ৰচেষ্টাৰ গোচৰত হ’ব লাগিব গ্ৰেপ্তাৰ’; ডিজিপি

May 12, 2021 1:33 pm · জাহ্নৱী বৰুৱা

কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বুধবাৰে অনুষ্ঠিত এক সংবাদমেলত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই আইন উলংঘা কৰি অনুষ্ঠান পতা সকলৰ প্ৰতি এক হুংকাৰ প্ৰদান কৰিছে।

কোভিড বিধি উলংঘাকাৰীৰ বিৰুদ্ধে হত্যাৰ প্ৰচেষ্টা চলোৱাৰ অভিযোগত গোচৰ ৰুজু কৰাৰ লগতে সেই ধাৰাৰ অধীনত গ্ৰেপ্তাৰ হ’ব লাগিব বুলিও হুংকাৰ দিয়ে।

মহন্তই আৰু কয়, “যদি কোনেও গম নোপোৱাকৈ বহু লোকৰ উপস্থিতিত যদি অনুষ্ঠান অনুষ্ঠিত কৰে তেনেহলে এই ক্ষেত্ৰত আৰক্ষী ফালৰ পৰা কোনো ধনৰ ৰেহাই দিয়া ন’হব।”

আইনগত নীতি নিয়ম উলংঘা কৰাৰ বিনিময়ত আইন উলংঘাকাৰীক মৃত্যুৰ ভাবুকি অনাৰ গোচৰত গ্ৰেপ্তাৰ কৰাৰ লগতে তাৰ উশ্চিত শাস্তি প্ৰদান কৰা হ’ব বুলি তেওঁ জনায়।

লগতে কনতেইনমেণ্ট জ’নৰ ভিতৰত থকাসকলেও যদি নিয়ম উলংঘা কৰা দেখা পোৱা হয় তেওঁলোকৰ উচিত শাস্তি প্ৰদান কৰা হ’ব বুলি তেওঁ ঘোষণা কৰে।

তেওঁ লগতে হুংকাৰ দি কয় “আৰক্ষীয়ে আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হ’লে, পেপাৰে পত্ৰই যদি সমালোচনা কৰে তথাপি আমাৰ উপায় নাই। গালি খাম তথাপি কোভিডৰ পৰা জনতাক ৰক্ষা কৰিবই লাগিব।”

আনহাতে ৰাজ্যৰ মুখ্য সচিবে ৰাজহুৱা স্থানত মাস্ক ৫ মিনিটৰ বাবেও খোলাত নিষেধাজ্ঞা আৰোপ কৰিছে।

Related News