NORTHEAST NOW (Assamese)
অসম

প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ যদি দুৰ্নীতি সম্ৰাট, সোণোৱাল চৰকাৰে বিহিত ব্যৱস্থা লোৱা নাই কিয়? : অপূৰ্ব ভট্টাচাৰ্য্য

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 17, 2018 10:44 pm

‘প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ যদি দুৰ্নীতিৰ সম্ৰাটেই আছিল, তেনেহ’লে সৰ্বানন্দ সোণোৱালে কিয় কোনোধৰণৰ বিহিত ব্যৱস্থা হাতত লোৱা নাই?’ বুলি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সংবাদমেলযোগে পোনপটীয়া প্ৰশ্ন কৰে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ সম্পাদক অপূৰ্ব ভট্টাচাৰ্য্যই।

উল্লেখযোগ্য যে কালি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিৰ জৰিয়তে মুমিনুল আৱালে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈৰ দিনত দুৰ্নীতি-ভ্ৰষ্টাচাৰ, অন্যায়ৰ কলিয়া ডাৱৰে আৱৰি ধৰিছিল বুলি কৈছিল। লগতে প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীক দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ সম্ৰাট আছিল বুলিও কটাক্ষ কৰিছিল।

ইয়াৰ পিছতেই আজি বিজেপিৰ ৰাজ্যিক মুখপাত্ৰগৰাকীক উভটি ধৰে কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰগৰাকীয়ে।

ভট্টাচাৰ্য্যই আজি সংবাদমেলত কয় প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে সৰ্বানন্দ সোণোৱাল চৰকাৰে নিৰ্দিষ্ট অভিযোগ বৰ্তমানলৈকে উত্থাপন কৰা নাই বুলি উল্লেখ কৰে। লগতে ‘এ পি এছ চি কেলেংকাৰীৰ সৈতে জড়িত প্ৰাক্তন কংগ্ৰেছী তথা বৰ্তমানৰ বিজেপিৰ দক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্দৰ্ভত সোণোৱাল নেতৃত্বাধীন বিজেপিৰ বক্তব্য কি হ’ব?’ বুলিও ৰাজ্যিক মুখপাত্ৰগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰে।

ইয়াৰোপৰি কংগ্ৰেছ দলত থকা অৱস্থাত প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিজেপি দলৰেই নেতাসকলে বহু দুৰ্নীতিৰ অভিযোগ আনিছিল বুলিও সংবাদমেলত ভট্টাচাৰ্য্যই মন্তব্য কৰে। তেওঁ লগতে বিজেপি চৰকাৰৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰি কয় ‘আপোনালোকৰ দললৈ যোৱাৰ পৰা হিমন্ত বিশ্ব ৰত্নাকৰৰ পৰা বাল্মিকী হ’ল নেকি?’

তাৎপৰ্য্যপূৰ্ণভাৱে ৰাকেশ পালৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণৰ সলনি ৰাজনৈতিক হাথিয়াৰ বনোৱাতহে গুৰুত্ব বেছি দিয়াৰ অভিযোগ তোলে ভট্টাচাৰ্য্যই।

আনহাতে আজিৰ সংবাদমেলতে ভট্টাচাৰ্য্যই দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা চৰকাৰখনে কেৱল পুঠি-খলিহনা গ্ৰেপ্তাৰ কৰাতেই সীমাবদ্ধ থাকে বুলি কটাক্ষ কৰে। তেওঁৰ কয় যে ‘বিজেপিয়ে নিজে কাঁচৰ ঘৰত থাকি আনলৈ শিল দলিয়াই।‘