NORTHEAST NOW (Assamese)
Popular Stories

সাৱধান হওক; ৯ টা নিয়ম মানি নচলিলে ব্লক কৰিব আপোনাৰ ফেচবুক একাউণ্ট! জানিবলৈ পঢ়ক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 27, 2020 2:14 pm
facbook

সামাজিক মাধ্যম হিচাপে বিশ্বত আটাইতকৈ জনপ্ৰিয় মাধ্যম হৈছে ফেচবুক। ফেচবুকে কিছুমান কঠোৰ নিয়ম বলৱৎ কৰিছে। যিবোৰ নিয়ম মানি নচলিলে ফেচবুকে ব্লক কৰি দিব পাৰে আপোনাৰ ফেচবুক একাউন্ট।

সামাজিক মাধ্যম হিচাপে ফেচবুকৰ সমগ্ৰ বিশ্বতে জনপ্ৰিয়তা আছে। ফেচবুকে ইয়াৰ ব্যৱহাৰকাৰীসকলৰ বাবে ৯ টা কঠোৰ নিয়ম বলৱৎ কৰিছে।

  • একে নামতে কেতিয়াও একাধিক একাউণ্ট নুখলিব। যদি খোলে আপোনাৰ একাউণ্ট ব্লক কৰি দিব ফেচবুকে।
  • সাৱধান হওক। যদি সঘনাই খুব বেছি কোনো লিঙ্ক শ্বেয়াৰ কৰে তেতিয়াও আপুনি ব্লক হ’ব পাৰে!
  • যদি আপুনি poke বুটাম বেছি ব্যৱহাৰ কৰে তেনে তৎকালে ফেচবুকে শাস্তিৰূপে আপোনাৰ একাউণ্ট ব্লক কৰি দিব।
  • একে নামৰ লগতে একেটা ইমেইল আইডি, জন্মদিন, মোবাইল নম্ব ব্যৱহাৰ কৰি অন্য এটা একাউন্ট খুলিলে আপোনাৰ একাউণ্ট ব্লক কৰি দিব।
  • যদি আপুনি কোনো ফেক একাউণ্ট খুলি কাৰোবাক হাৰাশাস্তি কৰে তেতিয়া ফেচবুকৰ প্ৰাইভেচি তথা চৰ্ত অনুসাৰে আপোনাৰ একাউণ্ট ব্লক কৰা হ’ব।
  • যদি আপুনি ফেচবুকৰ নীতি অমান্য কৰি কাৰোবাক অশ্লীল, অভদ্ৰ, অপমানজনক শব্দ আদি ব্যৱহাৰ কৰি মন্তব্য কৰে তেনে আপোনাক ফেচবুকে ব্লক কৰিব। এই ক্ষেত্ৰত ফেচবুক অতি কঠিন হ’ব।
  • ২০০ টাতকৈ অধিক গ্ৰুপত যোগ দিলেও ফেচবুকে আপোনাক ব্লক কৰিব।
  • আপুনি একেটা প’ষ্টকে কপি কৰি গ্ৰুপৰ বন্ধুৰ ৱালত পেষ্ট কৰিলে ফেচবুকে আপোনাক চৰ্তসাপেক্ষে ব্লক কৰিব।
  • ৫০০০ হাজাৰতৈকও অধিক বন্ধু যোগ কৰিবলৈ চেষ্টা কৰিলে ফেচবুকে আপোনাৰ একাউন্ট ব্লক কৰিব।