NORTHEAST NOW (Assamese)

আই আই টি সমৰ্থিত স্টাৰ্ট আপে বিনিয়োগকাৰীক আকৰ্ষিত কৰিছে

August 23, 2019 8:42 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

‘ইঝাকে ডিজাইন এণ্ড কনচালটেঞ্চি প্ৰাইভেট লিমিটেডে’ ডিজাইন আৰু টেকন’লোজি ক্ষেত্ৰখনত স্টাৰ্ট আপ কোম্পানীসকলক এক নিৰ্দিষ্ট মূল্যৰ বিনিয়োগ কৰাৰ ক্ষেত্ৰত আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

উত্তৰ-পূবৰ প্ৰতিষ্ঠানটোক আই আই টি গুৱাহাটী ইনকুৱেশ্যন কেন্দ্ৰই সমৰ্থন দিছে।

ইঝাকে ডিজাইনে ইয়াৰ অনন্য বিক্ৰী প্ৰস্তাৱৰ দ্বাৰা বজাৰত এটা শক্তিশালী ব্যাণ্ড হিচাপে আত্মপ্ৰকাশ কৰাৰ বাবে প্ৰস্তুতি চলাই আছে।

আই ডি চি পি এলৰ ডিজাইন সমূহত উত্তৰ-পূবৰ ভৌগলিক, সাংস্কৃতিক আবেগক প্ৰতিফলিত কৰিবলৈ প্ৰয়াস কৰা হৈছে।

প্ৰতিষ্ঠানটোৱে ডিজাইন, ৰিটেইল আৰু মেচিনাৰী সৰবৰাহৰ ক্ষেত্ৰত স্থানীয় সংস্কৃতিক প্ৰতিফলিত কৰি নিজস্ব চিনাকী প্ৰতিষ্ঠা কৰিছে।

আনহাতে, প্ৰতিষ্ঠানটোৰ মূল লক্ষ্য হৈছে ৰাজ্যৰ বৰ্দ্ধিত পৰ্যটন ক্ষেত্ৰখন।

আই আই টি গুৱাহাটীৰ প্ৰাক্তন ছাত্ৰ তথা ইঝাকে ডিজাইন এণ্ড কনচালটেঞ্চি প্ৰাইভেট লিমিটেডেৰ মুখ্য কাৰ্য্যবাহী হিমুজ্জ্বল শৰ্মাৰ কেইটামান উল্লেখযোগ্য উৎদ্ভাৱন হ’ল আনবক্সিং হেপিনেছ এণ্ড তুৰোবিলা।

তুৰোবিলা হ’ল উত্তৰ-পূবৰ শিপাৰ সৈতে সম্পৰ্ক থকা ভ্ৰমণ, পৰ্যটন আৰু ডিজাইন সম্বন্ধীয় ব্যাণ্ড।

ইঝাকে ডিজাইনে উত্তৰ-পূব ভ্ৰমণলৈ অহা পৰ্যটকক যথাসম্ভৱ সকলো প্ৰকাৰৰ সা-সুবিধা প্ৰদানৰ লক্ষ্যৰে ভবিষ্যতে আৰু অধিক কাম কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে।

Related News