IIT দিল্লীত জিলিকিল গহপুৰৰ পংকজ বৰাঃ মধ্যাকৰ্ষণিক তৰংগৰ গৱেষণাৰ বাবে লাভ কৰিলে ডক্টৰেট ডিগ্ৰী
ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান ,দিল্লীৰ (Indian Institute of Technology, Delhi) পদাৰ্থ বিজ্ঞান বিভাগৰ গৱেষক ছাত্ৰ পংকজ বৰাই তেওঁৰ গৱেষণা গ্ৰন্থ “Cosmic Phase Transitions and Gravitational Waves: a quest for physics beyond the Standard Electroweak Model”ৰ বাবে ডক্টৰেট ডিগ্ৰী লাভ কৰিছে।বৰাই ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, দিল্লীৰ অধ্যাপক ড° প্রদীপ্ত ঘোষৰ তত্বাৱধানত গৱেষণা কাৰ্য সম্পাদন কৰিছে। গৱেষণাৰ মূল বিষয় তাত্বিক কণিকা পদাৰ্থবিজ্ঞান আৰু মহাকাশবিদ্যাৰ সংযোগস্থলত অৱস্থিত | বিশেষকৈ, Electroweak Phase Transition, মধ্যাকৰ্ষণিক তৰংগ, কৃষ্ণ পদাৰ্থ আৰু নতুন পদাৰ্থবিজ্ঞান বিচাৰৰ দৰে বিষয়সমূহত গৱেষণা কৰিছিল বৰাই।
উল্লেখ্য যে , পংকজ বৰাই ২০১২ চনত গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৬.৬৭% নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল। ২০১৪ চনত ছয়দুৱাৰ মহাবিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৯০.৮% আৰু ২০১৭ চনত কটন বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰি ৮৭.২০% (CGPA ৮.৭২)-সহ তৃতীয় স্থান দখল কৰিছিল।
পংকজ বৰাই ২০১৯ চনত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান গান্ধীনগৰৰ পৰা পদাৰ্থ বিজ্ঞানত ৮৪.১০% নম্বৰেৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
পংকজ বৰা, গহপুৰ কলেজ গুৰিৰ নিবাসী প্ৰবীণ বৰা আৰু জানমণি বৰাৰ পুত্ৰ।