NORTHEAST NOW (Assamese)

কৃত্ৰিম বৰষুণ সৃষ্টি কৰি চমকপ্ৰদ সফলতা আই আই টি কাণপুৰৰ

June 24, 2023 7:23 pm · এন ই নাও নিউজ, গুৱাহাটী

দীৰ্ঘদিনীয়া প্ৰচেষ্টা আৰু গৱেষণাৰ অন্তত আই আই টি কাণপুৰে সফল ভাবে পৰীক্ষা কৰে কৃত্ৰিম বৰষুণ দিয়া ব্যৱস্থা। বুধবাৰে চেছনা বিমানৰ দ্বাৰা আকাশত ৰসায়নিক দ্ৰব্য ছটিয়াই ধৰালৈ বৰষুণ নমাই আনিবলৈ সক্ষম হয় আই আই টি কাণপুৰ।

অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ অনুমতিৰ পিছতেই প্ৰতিষ্ঠানটোৰ গৱেষক সকলে এই পৰীক্ষা সম্পন্ন কৰে। 

উল্লেখ্য যে অত্যধিক বায়ু প্ৰদূষণ আৰু খৰাং পৰিস্থিতিত কৃত্ৰিম বৰষুণৰ দ্বাৰা সাধাৰণ জনতাক সকাহ দিব পাৰি। 

আই আই টি কানপুৰে ২০১৭ চনৰ পৰা এই প্ৰকল্পৰ কাম কৰি আহিছে যদিও বহু বছৰ ধৰি অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ অনুমতি নোপোৱাৰ বাবে বিষয়টো আবদ্ধ হৈ আছিল। 

সূত্ৰ অনুসৰি আই আই টিৰ বিমানপথৰ পৰা চেছনা বিমানখনে ৫ হাজাৰ ফুট উচ্চতাত ডাঠ ডাৱৰৰ মাজত এবিধ ৰাসায়নিক গুড়ি ছটিয়াই দিয়ে। ইয়াৰ পিছতে তীব্ৰ বৃষ্টিপাত হয় সমগ্ৰ অঞ্চলটোত।

আই আই টি কাণপুৰৰ এই সফলতাই এতিয়া নতুন আশাৰ ৰেঙনি কঢ়িয়াই আনিছে ভাৰতবাসীলৈ।

Related News