NORTHEAST NOW (Assamese)

প্ৰিয়ংকা গান্ধীৰ কটাক্ষৰ সন্মুখীন আইআইটি মাদ্ৰাজৰ সঞ্চালক ভি কামাকোটি, কি ক’লে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে?

July 28, 2026 8:55 pm ·

পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰা নতুন কমিটীক লৈ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে প্ৰশ্ন উত্থাপন কৰিছে। এই নতুন কমিটীত আইআইটি মাদ্ৰাজৰ সঞ্চালক প্ৰফেচৰ ভি কামাকোটিক অন্তৰ্ভুক্ত কৰাৰ পিছতেই প্ৰিয়ংকা গান্ধীয়ে তেওঁক গোমূত্ৰ বিশেষজ্ঞ বুলি কটাক্ষ কৰে। ইনফ‘চিছৰ সহ-প্ৰতিষ্ঠাপক নন্দন নিলেকানিৰ নেতৃত্বত গঠন কৰা এই কমিটীৰ মূল উদ্দেশ্য হৈছে শেহতীয়াকৈ হোৱা প্ৰশ্নকাকত ফাদিলৰ বিতৰ্কৰ পিছত নেচনেল টেষ্টিং এজেন্সী বা এনটিএৰ সংস্কাৰ কৰা। কিন্তু এই কমিটীত এজন আইটি কোম্পানীৰ মালিক আৰু এজন গোমূত্ৰ বিশেষজ্ঞক কিয় ৰখা হৈছে বুলি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে।

প্ৰফেচৰ ভি কামাকোটি দৰাচলতে এগৰাকী আগশাৰীৰ বিজ্ঞানী। তেওঁ চিকিৎসা বিজ্ঞানৰ সলনি কম্পিউটাৰৰ মাইক্ৰ‘প্ৰচেছৰৰ ওপৰত কৰা কামৰ বাবেহে বেছি পৰিচিত। তেওঁ আইআইটি মাদ্ৰাজৰ পৰা কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিকীত স্নাতকোত্তৰ আৰু পিএইচডি ডিগ্ৰী লাভ কৰিছিল। ২০০১ চনত তেওঁ তাত অধ্যাপক হিচাপে যোগদান কৰে আৰু ২০২২ চনৰ জানুৱাৰী মাহত সঞ্চালকৰ দায়িত্ব গ্ৰহণ কৰে। তেওঁ ভাৰতৰ প্ৰথমটো থলুৱা উদ্যোগিক মাইক্ৰ’প্ৰচেছৰ শক্তি নিৰ্মাণ কৰা দলটোক নেতৃত্ব দিছিল। ইয়াৰ উপৰিও তেওঁ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা ব’ৰ্ডৰ সদস্য হোৱাৰ লগতে ২০২৬ চনত পদ্মশ্ৰী বঁটাও লাভ কৰিছে।

গোমূত্ৰক লৈ তেওঁ কৰা পুৰণি মন্তব্যৰ বাবেই বৰ্তমান এই বিতৰ্কৰ সূত্ৰপাত হৈছে। ২০২৫ চনৰ জানুৱাৰী মাহত চেন্নাইৰ এখন গোশালাত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত তেওঁ কৈছিল যে গোমূত্ৰৰ বেক্টেৰিয়া আৰু ভেঁকুৰ প্ৰতিৰোধী গুণ আছে আৰু ই হজম শক্তিত সহায় কৰে। তেওঁ আনকি এজন সাধুৰ কাহিনীও বৰ্ণনা কৰিছিল যাৰ জ্বৰ গোমূত্ৰ পান কৰাৰ ফলত ভাল হৈছিল। তেওঁৰ এই মন্তব্যৰ পিছতেই বিৰোধী নেতা আৰু বিজ্ঞানীসকলে ইয়াৰ কোনো বৈজ্ঞানিক প্ৰমাণ নথকা বুলি তীব্ৰ সমালোচনা কৰিছিল। অৱশ্যে কামাকোটিয়ে প্ৰকাশিত গৱেষণাৰ ভিত্তিতহে এই কথা কোৱা বুলি স্পষ্টীকৰণ দিছিল আৰু তেওঁৰ সমৰ্থকসকলে ইয়াক পৰম্পৰাগত জ্ঞান বুলি অভিহিত কৰিছিল।

বৰ্তমান এনটিএ সংস্কাৰ কমিটীত তেওঁৰ মূল দায়িত্ব হৈছে পৰীক্ষাৰ প্ৰযুক্তি আৰু গাঁথনি উন্নত কৰা। তেওঁ পৰীক্ষাৰ ফলাফল গণনা কৰাৰ ক্ষেত্ৰত স্বচ্ছতা অনাৰ কথা উল্লেখ কৰিছে। যিহেতু লাখ লাখ ছাত্ৰ-ছাত্ৰীয়ে এই পৰীক্ষাসমূহত অৱতীৰ্ণ হয়, সেয়েহে পৰীক্ষা পৰিচালনা কৰা প্ৰতিজন ব্যক্তিয়েই দায়বদ্ধ হোৱাটো প্ৰয়োজনীয় বুলি তেওঁ মত প্ৰকাশ কৰিছে।

 

Related News