NORTHEAST NOW (Assamese)

আই আই টিৰ নামভৰ্তিত সলনি কৰা হৈছে নিয়ম, কি সেই নতুন নিয়ম?

July 18, 2020 7:35 pm · এন ই নাও নিউজ

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ নাম ভৰ্তিৰ ক্ষেত্ৰত চৰকাৰে নিয়ম কিছু শিথিল কৰিছে। ক’ৰ’ণা ভাইৰাছৰ মহাসংক্ৰমণৰ পৰিপ্ৰেক্ষিততে আই আই টিৰ নাম ভৰ্তি প্ৰক্ৰিয়াৰ নিয়মৰ শিথিলকৰণ কৰা হৈছে।

নতুন নিয়ম অনুসৰি আই আই টিত এইবেলি নাম ভৰ্তি কৰিব বিচৰা সকলে তেওঁলোকৰ দ্বাদশ শ্ৰেণীৰ মাৰ্কশ্বিট প্ৰদৰ্শন নকৰিলেও হ’ব।

আই আই টিৰ নাম ভৰ্তিত প্ৰথম বাৰৰ বাবে এনে ব্যৱস্থা কৰা হৈছে।

ইয়াৰ পূৰ্বে আই আই টিৰ নাম ভৰ্তিত শিক্ষাৰ্থী সকলে প্ৰৱেশ পৰীক্ষা জে ই ই এডভান্সত উত্তীৰ্ণ পোৱাৰ লগতে দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত কমেও ৭৫ শতাংশ নম্বৰ লাভ কৰিব লাগিছিল।

কিন্তু ক’ৰ২ণাতংকৰ বাবে এইবাৰ বিভিন্ন ব’ৰ্ডৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰিব পৰা হোৱা নাই।

সেইবাবেই আই আই টিৰ নাম ভৰ্তিত এইবাৰ দ্বাদশ শ্ৰেণীৰ মাৰ্কশ্বিট চোৱা নহ’ব।

ইয়াৰ পৰিবৰ্তে জে ই ই এডভান্সৰ ৰেংকিঙৰ ওপৰত ভিত্তি কৰি শিক্ষাৰ্থীক আই আই টিত নাম ভৰ্তিৰ সুবিধা দিয়া হ’ব বুলি কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্ৰী ৰমেশ পখ্ৰিয়াল নিশাংকে টুইট যোগে সদৰী কৰিছে।

চৰকাৰৰ এনে সিদ্ধান্তই শিক্ষাৰ্থীৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Related News