NORTHEAST NOW (Assamese)

গোলাঘাটত ৰন্ধন গেছৰ অবৈধ গুদাম উৎখাত

May 15, 2020 10:06 pm · ৰিতুপল্লৱ শইকীয়া
প্ৰতীকী ছবি।

গোলাঘাটত নগৰত শুকুৰবাৰে ৰন্ধন গেছৰ এটা অবৈধ গুদাম উৎখাত কৰা হয়৷

খাদ্য ও অসামৰিক যোগান বিভাগৰ লোকক লগত লৈ অতিৰিক্ত উপায়ুক্ত লখিমী দত্তই অভিযান চলাই গুদামটো উৎখাত কৰে৷

দলটোৱে দীপু কাপুৰ নামৰ লোকজনৰ গুদামত অভিযান চলাই বৃহৎ পৰিমাণৰ ৰন্ধন গেছৰ চিলিণ্ডাৰ জব্দ কৰে৷

উল্লেখ্য যে গোলাঘাটত সাধাৰণ গ্ৰাহকে বুকিং কৰিও মাহৰ পিছত মাহ ধৰিও এটা চিলিণ্ডাৰৰ বাবে বোন্দাপৰ দিবলগা হয়৷

ইয়াৰ বিপৰীতে এই গুডামটোত এজেঞ্চিৰ গাড়ীৰে চিলিণ্ডাৰ যোগান ধৰা হয়৷

এজেঞ্চিত গেছৰ চিলিণ্ডাৰ নোপোৱা গ্ৰাহকে ১০০০ৰ পৰা ১২০০ টকা পৰ্য্যন্ত ধন দি ব্লেক মাৰ্কেটত ছিলিণ্ডাৰ ক্ৰয় কৰিব লগা হয়৷

ইফালে অভিযানৰ সময়তে ভাৰত গেছ এজেঞ্চিৰ এখন গাড়ীৰে গুডামটোত চিলিণ্ডাৰ যোগান দিবলৈ আহিছিল যদিও পৰিস্থিতি বিষম দেখি পলায়ন কৰে বুলি জানিব পৰা গৈছে।

অভিযোগমতে, গোলাঘাটৰ ভাৰত গেছ এজেঞ্চি আৰু টিকিৰ গেছ এজেঞ্চিৰ আশীৰ্বাদত শ্ৰীমন্ত নগৰত এই ভুৱা গেছ গুদামটো গঢ় লৈ উঠিছিল।

Related News