NORTHEAST NOW (Assamese)

বহলপুৰ বন বিভাগৰ অভিযানত বুজন পৰিমাণৰ শালৰ কুণ্ডা উদ্ধাৰ

June 30, 2021 9:50 pm · তিলক প্ৰসাদ

নামনি অসমৰ আই ভেলী বন সংমণ্ডল অন্তৰ্গত বহলপুৰস্থিত বন বিভাগে এক গোপন সূত্ৰৰ পম খেদি নিত্য বজাৰৰ পৰা কিছু আঁতৰত থকা কায়েতপাৰা গাওঁত থকা তিনি জন লোকৰ গৃহত অভিযান চলাই বৃহৎ পৰিমাণৰ শাল গছৰ কুণ্ডা উদ্ধাৰ কৰিছে।

বন বিষয়া নাৰায়ণ ঠাকুৰীয়াৰ নেতৃত্বত চলোৱা এই অভিযান গীয়াছ আলী, ইব্ৰাহিম আলী আৰু নুৰু নামৰ তিনিজন লোকৰ গৃহত চলোৱা হৈছিল।

জানিব পৰা মতে বহলপুৰ সংৰক্ষিত বনাঞ্চলৰ পৰা কাঠৰ চোৰাং কাৰবাৰ কৰা বন ধ্বংসকাৰী চক্ৰই শাল গছ কাটি লৈ গৈছিল।

উক্ত তিনিজনৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হব বুলি ৰেঞ্জাৰ নাৰায়ণ ঠাকুৰী়য়াই অৱগত কৰিছে।

উদ্ধাৰ কৰা শালৰ কুণ্ডা সমূহ বহলপুৰ স্থিত বন বিষয়াৰ কাৰ্যাল়য় লৈ আনি মজুত কৰি ৰখা হৈছে।

Related News