NORTHEAST NOW (Assamese)

অচল চিকিৎসা সেৱা; আয়ুৰ্বেদিক চিকিৎসকক অস্ত্ৰোপ্ৰচাৰৰ অনুমতি দিয়াক লৈ আই এম এৰ ঘৰ্মঘট

December 11, 2020 1:38 pm · এন ই নাও নিউজ

আয়ুৰ্বেদিক চিকিৎসকক অস্ত্ৰোপ্ৰচাৰৰ বাবে অনুমতি প্ৰদান কৰা কাৰ্যত ক্ষুব্ধ হৈ আজি দেশজুৰি ১২ ঘণ্টীয়া ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনে।

ৰাতিপুৱা ৬ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ হ’বলগীয়া এই ধৰ্মঘট কাৰ্যসূচীৰ বাবে অচল হৈ পৰিছে দেশৰ চিকিৎসা সেৱা।

কিছুদিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰে এক নিৰ্দেশনা জাৰি কৰি আয়ুৰ্বেদিক চিকিৎসকক অস্ত্ৰোপ্ৰচাৰৰ অনুমতি প্ৰদান কৰিছিল।

কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ পিছৰে পৰা দেশৰ এল’পেথিক চিকিৎসকলে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি এই সিদ্ধান্ত বাতিল কৰাৰ দাবী জনায়।

এল’পেথিক চিকিৎসকলৰ মতে, কেন্দ্ৰীয় চৰকাৰৰ এই নতুন নিৰ্দেশনাই সাধাৰণ জনতাৰ স্বাস্থ্যৰ প্ৰতি ব্যাপক ভাবুকি কঢ়িয়াই আনিব।

দেশৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ অসমতো চিকিৎসকলে আয়ুৰ্বেদিক, হোমিঅ’পেথিক আৰু এলো’পেথিক চিকিৎসাৰ একত্ৰিকৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ চিকিৎসকসকলে ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়।

অৱশ্যে আজিৰ এই ধৰ্মঘট কাৰ্যসূচীৰ পৰা ক’ভিড চিকিৎসা আৰু জৰুৰীকালীন সেৱাক ৰেহান প্ৰদান কৰা হৈছে।

Related News