NORTHEAST NOW (Assamese)

স্বস্তি: ২১-২৩ ছেপ্তেম্বৰলৈ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলত হ’ব ধাৰাসাৰ বৰষুণ

September 20, 2020 9:36 am · এন ই নাও নিউজ

তীব্ৰ গৰমে দহি নিয়া ৰাজ্যবাসীলৈ দিল্লীস্থ কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই আনিছে এক স্বস্তিৰ খবৰ।

২১ ছেপ্তেম্বৰৰ পৰা ২৩ ছেপ্তেম্বৰলৈ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনত হ’ব ধাৰাসাৰ বৰষুণ।

কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি বে অৱ বেংগলত ২০ ছেপ্তেম্বৰত সৃষ্টি হোৱা নিম্ন চাপৰ প্ৰভাৱতে উক্ত দিন কেইটাত অসমকে ধৰি সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত বৰষুণ হ’ব।

বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে এই দিন কেইটাত বৰষুণৰ লগতে বতাহেও কোবাই যাব অসম তথা উত্তৰ পূবক।

বে অৱ বেংগলৰ উত্তৰ অংশত হোৱা নিম্ন চাপৰ ফলত অসমৰ উপৰি পশ্চিম বংগ আৰু ছিকিমতো ধাৰাসাৰ বৰষুণ হ’ব।

গুৱাহাটীস্থ বতৰ বিজ্ঞান কেন্দ্ৰয়ো প্ৰেছ বিজ্ঞপ্তি যোগে প্ৰকাশ কৰা তথ্য অনুসৰি ২২ ছেপ্তেম্বৰৰ দিনা অসম, মেঘালয় আদি ৰাজ্যত আটাইতকৈ বেছি বৰষুণ হ’ব।

২১ আৰু ২৩ ছেপ্তেম্বৰতো বৰষুণ হৈ থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰ বিজ্ঞপ্তিত প্ৰকাশ।

নিম্ন চাপৰ ফলত ওড়িশাত ধুমুহাৰ সৃষ্টি হোৱাৰ আশংকা আছে বুলি জানিব পৰা গৈছে।

যি কি নহওক, বতৰ বিজ্ঞান কেন্দ্ৰ এনে আগলি বতৰাই ৰাজ্যবাসীক কিঞ্চিত হ’লেও গৰমৰ পৰা মুক্তি দিব বুলি আশা কৰা হৈছে।

Related News