NORTHEAST NOW (Assamese)

“২০২৩ৰ মহিলা সংৰক্ষণ বিধেয়ক আজিয়েই কাৰ্যকৰী কৰক; কংগ্ৰেছে সমৰ্থন কৰিব’’ : দিব্যা মাদেৰ্না

April 21, 2026 7:51 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 21, 2026 11:03 am

গুৱাহাটীৰ ৰাজীৱ ভৱনত আজি এক সংবাদমেল সম্বোধন কৰি ৰাজস্থানৰ প্ৰাক্তন বিধায়িকা তথা কংগ্ৰেছ নেত্ৰী দিব্যা মাদেৰ্নাই বিজেপি চৰকাৰৰ মহিলা সংৰক্ষণ আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিধেয়কক একত্ৰিত কৰা কাৰ্যক তীব্ৰ ভাষাৰে আক্ৰমণ কৰে।

সংবাদমেলৰ আৰম্ভণিতেই তেওঁ বিজেপিৰ এই সমগ্ৰ প্ৰক্ৰিয়াটোক এক ‘নাটক’ বুলি অভিহিত কৰি কয় যে মহিলা সৱলীকৰণৰ নামত যি খেল খেলিছে, তাৰ প্ৰকৃত ছবিখন হল ‘কৰবাত চকু আৰু কৰবাত লক্ষ্য। নাৰী বন্দনাৰ নামত সংসদৰ স্বৰূপ সলনি কৰাৰ যি প্ৰচেষ্টা চলাইছে, সেয়া আচলতে এক ৰাষ্ট্ৰবিৰোধী ষড়যন্ত্ৰহে। প্ৰখ্যাত কবি নিদা ফাজলীৰ কবিতাৰ পংক্তি উদ্ধৃত কৰি তেওঁ কয় যে এজন মানুহৰ ভিতৰত যিদৰে দহ-বিছজন মানুহ লুকাই থাকে, বিজেপিৰ চৰিত্ৰও তেনে। তেওঁলোকৰ প্ৰতিটো পদক্ষেপৰ আঁৰত থকা প্ৰকৃত মনোভাৱ বুজিবলৈ দেশবাসীয়ে হাজাৰবাৰ ভাবিবলগীয়া হৈছে। অমিত শ্বাহে সংসদত বাৰে বাৰে ‘আমাৰ ওপৰত ভৰসা কৰক বুলি কোৱা কথাই প্ৰমাণ কৰে যে বিজেপিৰ ষড়যন্ত্ৰ আৰু ছলনাৰ বাবে দেশবাসীৰ আস্থা তেওঁলোকৰ ওপৰত এতিয়া শূন্য হৈ পৰিছে।

মাদেৰ্নাই বিজেপিৰ ‘৪০০ পাৰ’ শ্লগানৰ ৰহস্য ফাদিল কৰি কয় যে সংবিধান সংশোধন কৰি নিজৰ ইচ্ছানুসাৰে সমষ্টিৰ সীমা নিৰ্ধাৰণ কৰিবলৈকে তেওঁলোকক এনে বৃহৎ সংখ্যাটোৰ প্ৰয়োজন আছিল। কিন্তু দেশৰ সচেতন জনতাই তেওঁলোকক সেই সংখ্যা নিদি ২৪০তে আৱদ্ধ কৰি ৰাখিলে আৰু বৰ্তমান বিহাৰৰ নীতিশ কুমাৰ আৰু অন্ধ্ৰপ্ৰদেশৰ চন্দ্ৰবাবু নাইডুৰ গাত ‘ভেজা দি চৰকাৰ চলাবলগীয়া হৈছে। তেওঁ প্ৰশ্ন উত্থাপন কৰে যে ২০২৩ চনৰ ছেপ্টেম্বৰ মাহতে ছোনিয়া গান্ধী আৰু মল্লিকাৰ্জুন খৰ্গেৰ পূৰ্ণ সমৰ্থনত মহিলা সংৰক্ষণ বিধেয়কখন গৃহীত হোৱাৰ পাছতো চৰকাৰে কিয় লগে লগে ইয়াক কাৰ্যকৰী নকৰিলে? চৰকাৰৰ লক্ষ্য যদি পৰিষ্কাৰ আছিল, তেন্তে ২০২৪ চনৰ নিৰ্বাচনতে বৰ্তমানৰ ৫৪৩ খন আসনতে ৩৩ শতাংশ সংৰক্ষণ কিয় নিদিলে? তাৰ পৰিৱৰ্তে লোকপিয়ল আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিৰে মহিলাৰ অধিকাৰক বিজেপি চৰকাৰে বান্ধি পেলালে। ৩০ মাহৰ পাছত নিৰ্বাচন চলি থকাৰ সময়ত হঠাতে সংবিধান সংশোধনৰ কথা কোৱাটোৱে বিজেপিৰ জনপ্ৰিয়তা হ্ৰাস পোৱাৰ ভয় প্ৰকট কৰি তুলিছে।

Related News